ইম্ফাল: অসমৰ পিছত এইবাৰ প্ৰতিৱেশী ৰাজ্য মণিপুৰতো উন্নীত কৰা হ’ব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)। মণিপুৰত এনআৰচিৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ বাবে ১৯৫১ চনক ভিত্তিবৰ্ষ (Base Year) হিচাপে লোৱা হ’ব বুলি চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। সোমবাৰে মণিপুৰ বিধানসভাৰ মজিয়াত এই চাঞ্চল্যকৰ ঘোষণা কৰে ৰাজ্যখনৰ গৃহমন্ত্ৰী গোবিন্দাস কন্থৌজমে।

বিধানসভাত বিৰোধী বিধায়ক কে মেঘচন্দ্ৰ সিঙে উঠোৱা এক প্ৰশ্নৰ উত্তৰ দি গৃহমন্ত্ৰীগৰাকীয়ে জনায় যে ৰাজ্য বিধানসভাত গৃহীত হোৱা প্ৰস্তাৱ অনুসৰণ কৰিয়েই মণিপুৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই বিষয়ে আলোচনা অব্যাহত ৰাখিছে। ১৯৫১ চনৰ মূল এনআৰচিৰ নথি-পত্ৰসমূহৰ তথ্য উদঘাটন আৰু সন্ধান কৰাৰ কাম বৰ্তমান চলাই থকা হৈছে বুলিও তেওঁ সদনক অৱগত কৰে।

অৱশ্যে গৃহমন্ত্ৰীজনে স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অবিহনে এককভাৱে মণিপুৰ চৰকাৰে এনআৰচি প্ৰযোজ্য কৰিব নোৱাৰে। অসমৰ এনআৰচি প্ৰক্ৰিয়াৰ অভিজ্ঞতালৈ আঙুলিয়াই দি তেওঁ কয় যে এনআৰচিৰ দৰে সংবেদনশীল বিষয়টোক লঘুভাৱে লোৱাটো অনুচিত। ২০২২ চনৰ ৫ আগষ্টত বিধানসভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ইতিমধ্যে ‘মণিপুৰ ৰাজ্যিক জনসংখ্যা আয়োগ’ (Manipur State Population Commission) গঠন কৰা হৈছে।

২৪,৪৭৫ গৰাকী অবৈধ অনুপ্ৰবেশকাৰী চিনাক্ত: অন্য এজন বিৰোধী বিধায়ক থ. লোকেশ্বৰ সিঙে উত্থাপন কৰা অন্য এক প্ৰশ্নৰ উত্তৰত গৃহমন্ত্ৰী গোবিন্দাস কন্থৌজমে ৰাজ্যখনৰ অনাকাংক্ষিত জনসংখ্যা বৃদ্ধি আৰু অবৈধ অনুপ্ৰবেশক লৈ উদ্বেগজনক তথ্য দাঙি ধৰে। তেওঁ কয় যে ৰাজ্যখনত বৰ্তমানলৈকে মুঠ ২৪,৪৭৫ গৰাকী অবৈধ অনুপ্ৰবেশকাৰীক চিনাক্ত কৰা হৈছে।
ইয়াৰে কামজোং জিলাত ৬,৫৪৫ গৰাকী, টেংনৌপাল জিলাত ৩,৫৬০ গৰাকী আৰু চান্দেল জিলাত ১৪,৩৭০ গৰাকী অবৈধ অনুপ্ৰবেশকাৰী চিনাক্ত হৈছে।

প্ৰতিৰোধ আৰু খেদি পঠোৱাৰ ব্যৱস্থা:

সদনত দিয়া তথ্য অনুসৰি, চিনাক্ত হোৱা ২৪,৪৭৫ গৰাকী অবৈধ অনুপ্ৰবেশকাৰীৰ ভিতৰত ইতিমধ্যে ১৪,৯৯২ গৰাকীক সীমান্তৰে নিজ দেশলৈ ওভোতাই পঠোৱা হৈছে।

  • কামজোং জিলা: ৬,৫৪৫ গৰাকীৰ ভিতৰত ৫,৩৭৮ গৰাকীক ওভোতাই পঠোৱা হৈছে আৰু অৱশিষ্ট ১,১৬৭ গৰাকীক চৰকাৰী শিবিৰত আশ্ৰয় দিয়া হৈছে।

  • টেংনৌপাল জিলা: ৩,৫৬০ গৰাকীৰ ভিতৰত ১৪ গৰাকীক ওভোতাই পঠোৱা হৈছে। বাকী ৩,৫৪৬ গৰাকীৰ বায়’মেট্ৰিক সংগ্ৰহ কৰি জিলা উপায়ুক্তৰ চোকা নজরদাৰীত রাখা হৈছে যাতে তেওঁলোকে অন্য স্থানলৈ যাব নোৱাৰে।

  • চান্দেল জিলা: ১৪,৩৭০ গৰাকীৰ ভিতৰত ৯,৬০০ গৰাকী ম্যানমাৰৰ নাগৰিকক ওভোতাই পঠোৱা হৈছে। অৱশিষ্ট ৪,৭৭০ গৰাকীৰ ভিতৰত ১,৩০৮ গৰাকীৰ বায়’মেট্ৰিক তথ্য ইতিমধ্যে সংগ্ৰহ কৰা হৈছে।

  • ৰাজ্যখনৰ ভূ-খণ্ডত অবৈধ অনুপ্ৰৱেশ ৰোধ আৰু নতুন গাঁওসমূহৰ অস্বাভাৱিক বৃদ্ধি পৰীক্ষা কৰিবলৈ ২০২৪ চনৰ ৭ আগষ্টত প্ৰাক্তন মন্ত্ৰী আৱাংবৌ নিউমাইৰ নেতৃত্বত ১২ জনীয়া এখন বিশেষ কমিটি গঠন কৰা হৈছিল। অৱশ্যে ২০২৩ চনৰ ৩ মে’ৰ পৰা ৰাজ্যখনত আৰম্ভ হোৱা জাতিগত সহিংসতা আৰু সংকটৰ বাবে বায়’মেট্ৰিক সংগ্ৰহ আৰু পুনৰীক্ষণ প্ৰক্ৰিয়া কিছুদিনৰ বাবে ব্যাহত হৈছিল বুলিও গৃহমন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে।