ৰিয়াদ: চৌদি আৰৱৰ ৰাজধানী ৰিয়াদস্থিত কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা এক ভয়ংকৰ মিছাইল আক্ৰমণত এজন ভাৰতীয় নাগৰিকসহ কমেও ১৩ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। এই আক্ৰমণত তিনিশৰো অধিক লোক আহত হয়। এই শোকাৱহ আক্ৰমণৰ পিছতে বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষ নেতাসকল আৰু চৰকাৰসমূহে তীব্ৰ গ্ৰহৰ্মনা আৰু ক্ষোভ প্ৰকাশ কৰিছে।

ইয়েমেনৰ ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এই আক্ৰমণৰ ফলত বিমান বন্দৰটোত ব্যাপক ক্ষয়-ক্ষতি হোৱাৰ লগতে বিমান চলাচলত ব্যাহত ঘটে। নিহতসকলৰ ভিতৰত চৌদি নাগৰিকৰ উপৰি অন্যান্য দেশৰ নাগৰিক আৰু এজন ভাৰতীয় নাগৰিকো অন্তৰ্ভুক্ত আছে বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিও গ্যুটেৰেছ, আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ', কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণি আৰু ইউৰোপীয়ান কমিছনৰ সভাপতি উৰ্চুলা ভন ডেৰ লিয়েনকে ধৰি বিশ্বৰ বহু নেতাই এই সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গ্ৰহৰ্মনা কৰিছে। লগতে পাকিস্তান, কাটাৰ, পেলেষ্টাইন, জৰ্ডান আৰু মালয়েছিয়াসহ বিভিন্ন দেশে চৌদি আৰৱৰ প্ৰতি সংহতি প্ৰকাশ কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমেৰিকাই ইয়েমেনৰ হুথি বিদ্ৰোহীসকলৰ বিৰুদ্ধে চৌদি আৰৱৰ সামৰিক অভিযানত যোগ দিয়াৰ বিষয়টো বিবেচনা কৰি আছে। চৌদি নেতৃত্বাধীন মিত্ৰজোঁটেও এই আক্ৰমণক "সম্পূৰ্ণ যুদ্ধ অপৰাধ" বুলি অভিহিত কৰি কঠোৰ প্ৰতিৰোধৰ হুশিয়াৰী প্ৰদান কৰিছে।