নগাঁও: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ডাঙৰ ব্যৱধানত বিজয় সাব্যস্ত কৰাৰ পিছত আনুষ্ঠানিকভাৱে বিজয়ী প্ৰমাণপত্ৰ (Victory Certificate) লাভ কৰিলে বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন আই এ এছ বিষয়া দেৱাশীষ শৰ্মায়ে। নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া আৰণ্যক শইকীয়াৰ পৰা এই প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি বিজেপি কৰ্মীসকলৰ মাজত আনন্দৰ জোৱাৰ উঠে।

বিজয়ী প্ৰমাণপত্ৰ হাতত পোৱাৰ লগে লগে উৎফুল্লিত দেৱাশীষ শৰ্মাক ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি “মানুহ মানুহৰ বাবে” গীতটো গুণগুণোৱা দেখা গয়। এই ঐতিহাসিক জয়েৰে তেওঁ সমষ্টিবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, তেওঁৰ সমগ্ৰ কাৰ্যকাল জনসাধাৰণৰ সেৱা আৰু কল্যাণৰ বাবেই উৎসর্গীকৃত হ’ব।

ইফালে, এই নিৰ্বাচনী ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এইটো কংগ্ৰেছৰ ইতিহাসৰ অন্যতম সৰ্বৱৃহৎ নিৰ্বাচনী পৰাজয়। সমষ্টিটোৰ ভোটদাতাৰ সম্পৰ্কে উল্লেখ কৰি তেওঁ কয় যে ধৰ্মীয় সংখ্যালঘু ভোটাৰে সংখ্যাগৰিষ্ঠতা দখল কৰা এই সমষ্টিত কংগ্ৰেছে মাত্ৰ ৯ শতাংশ ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছ নেতাসকলক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভৱিষ্যতে ৰাজ্যত বিজেপিৰ প্ৰধান ৰাজনৈতিক প্ৰতিদ্বন্দিতা এআইইউডিএফ (AIUDF) মুৰব্বী বদৰুদ্দিন আজমলৰ সৈতেহে হ’ব, আৰু গৌৰৱ গগৈয়ে বিজেপিৰ বাবে কোনো প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও নগাঁও উপ-নিৰ্বাচনত দলৰ এই দৰ্শনীয় সাফল্যৰ বাবে বিজয়ী প্ৰাৰ্থী আৰু ৰাজ্যৰ বিজেপি কৰ্মীসকলক হূদয়স্পৰশী অভিনন্দন জ্ঞাপন কৰে। নগাঁও সমষ্টিত প্ৰাক্তন আই এ এছ বিষয়া দেৱাশীষ শৰ্মাৰ এই বিজয়ক বিজেপিৰ সুশাসনৰ নীতিৰ প্ৰতি জনসাধাৰণৰ আস্থাসূচক বুলি অভিহিত কৰা হৈছে।