গুৱাহাটী: ৰাজ্যৰ প্ৰধান চহৰ গুৱাহাটীত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে কঠোৰ অভিযান। শেহতীয়াকৈ মহানগৰীৰ বিভিন্ন স্থানত চলোৱা দুটা পৃথক অভিযানত কোনো বৈধ ট্ৰেভেল ডকুমেণ্ট বা নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰা ১৮ গৰাকী বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত অবৈধ অনুপ্ৰৱেশকাৰীসকলক আশ্ৰয় দিয়া হোটেলৰ স্বত্বাধিকাৰীসহ কেইজনমান লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা তথ্য অনুসৰি, প্ৰথমটো অভিযান চলোৱা হৈছিল গুৱাহাটী ৰেৱে ষ্টেচনত। মঙলবাৰে পানবজাৰ আৰক্ষী থানালৈ অহা এক বিশেষ খবৰৰ ভিত্তিত ৰে'লৱে ষ্টেচনৰ লিকমিণ্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছৰ সাধাৰণ ডবাত তালাচী চলাই ৫ গৰাকী বাংলাদেশী নাগৰিকক আটক কৰা হয়। ইয়াৰ ভিতৰত চাৰি গৰাকী মহিলা আৰু এজন পুৰুষ আছিল। তেওঁলোকে পশ্চিম ভাৰতলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে। জেৰাৰ সময়ত তেওঁলোকৰ পৰা ৩ খন আধাৰ কাৰ্ড উদ্ধাৰ কৰা হয়, যাৰ ভিতৰত মাত্ৰ এখনহে আচল আছিল। আচল আধাৰ কাৰ্ড থকা মহিৰাক সোধা-পোছা কৰাত পোহৰলৈ আহে যে তেওঁ পূৰ্বেও ভাৰতলৈ আহি গুজৰাটত বিয়া পাতিছিল। আৰক্ষীৰ মতে, তেওঁলোকে মেঘালয়ৰ সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু গুৱাহাটীৰ এখন হোটেলত আশ্ৰয় লৈছিল। এই অনুপ্ৰৱেশকাৰীসকলক আশ্ৰয় দিয়া আৰু যাতায়াতত সহায় কৰাৰ বাবে হোটেলৰ মালিকসহ চাৰিজন ভাৰতীয় নাগৰিককো গ্ৰেপ্তাৰ কৰা হয়।
ইফালে, বুধবাৰে দুপৰীয়া মহানগৰীৰ শান্ত হোটেলত আন এক অভিযান চলাই আৰু ১৩ গৰাকী বাংলাদেশী নাগৰিকক আটক কৰা হয়। এই দলটোত চাৰি গৰাকী পুৰুষ, চাৰি গৰাকী মহিলা আৰু পাঁচটা শিশু আছিল। আৰক্ষীয়ে জনায় যে এই দলটোৱে বুধবাৰে পুৱা দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু তাৰ পৰা বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছিল।
জেৰাৰ সময়ত তেওঁলোকে স্বীকাৰ কৰে যে যোৱা ১৪-১৫ বছৰ ধৰি তেওঁলোকে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ পন্থ চক অঞ্চলত অবৈধভাৱে বাস কৰি আছিল। শেহতীয়াকৈ জম্মু-কাশ্মীৰ আৰক্ষীয়ে অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে বৃহৎ অভিযান চলোৱাৰ পিছতে তেওঁলোক পলায়ন কৰি গুৱাহাটীলৈ গুচি আহে যাতে তাৰ পৰা সীমান্ত পাৰ হৈ নিজ দেশলৈ যাব পাৰে।
অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া (CPRO) ৰাজীৱ শইকীয়াই জনোৱা মতে, ধৃত সকলো অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী (অসমৰ পৰা বহিষ্কাৰ) আইনৰ অধীনত দেশৰ পৰা বহিষ্কাৰ কৰাৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। মহানগৰীত সুৰক্ষা ব্যৱস্থা আৰু চো্ৱাংগিৰি অধিক কটকটীয়া কৰি তোলা হৈছে যাতে কোনো অবৈধ বিদেশী নাগ্ৰিকে আশ্ৰয় ল'ব নোৱাৰে।