নতুনদিল্লী: দেশৰ আকাশমাৰ্গ নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰা ভাৰতীয় বায়ুসেনাই বুধবাৰে অত্যন্ত গৌৰৱ আৰু উলহেৰে পালন কৰে তেওঁলোকৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই বিশেষ দিনটোত দেশৰ প্ৰতিৰক্ষা বাহিনীৰ বীৰ জোৱানসকলক হিয়ভগা শুভেচ্ছা জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

সামাজিক মাধ্যমযোগে বায়ুসেনাৰ জোৱানসকললৈ শ্ৰদ্ধা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, ভাৰতীয় বায়ুসেনা হৈছে সাহস, অনুশাসন আৰু নিখুঁত কাৰ্যদক্ষতাৰ এক প্ৰতীক। দেশৰ আকাশ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত, বিশেষকৈ অতি জটিল পৰিস্থিতিসমূহত তেওঁলোকে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা সঁচাকৈয়ে প্ৰশংসনীয়। ইয়াৰোপৰি, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহায্য আৰু উদ্ধাৰ কাৰ্যত বায়ুসেনাৰ অৱদানক লৈও সমগ্ৰ দেশে গৰ্ববোধ কৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

আনহাতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও ভাৰতীয় বায়ুসেনাৰ জোৱানসকল, প্ৰাক্তন সৈনিক তথা তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে, দেশৰ সেৱাত বায়ুসেনাৰ সাহসিকতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাই দেশবাসীৰ মৰ্যাদা বৃদ্ধি কৰিছে। বিশেষকৈ শেহতীয়া অভিযানসমূহত বায়ুসেনাৰ জোৱানসকলৰ শতকৰা শতভাগ নিখুঁত কাৰ্যপদ্ধতি আৰু কাৰ্যক্ষমতাই ভাৰতৰ প্ৰতিৰক্ষা প্রস্তুতিৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহসহ অন্যান্য শীৰ্ষ নেতাসলেও "আকাশৰ ৰক্ষক" সকলক এই পৱিত্ৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। উল্লেখ্য যে, ১৯৩২ চনৰ ৮ অক্টোবৰত ব্ৰিটিছ শাসনকালত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় বায়ুসেনাই বৰ্তমান বিশ্বৰ অন্যতম শক্তিশালী বায়ু প্ৰতিৰক্ষা বাহিনী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে