নতুনদিল্লী: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) ঘোষণা কৰা অনুসৰি, তাৰকা বেটছমেন তথা অপেনাৰ স্মৃতি মান্ধানাক ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নতুন সম্পূৰ্ণকালীন (Full-time) অধিনায়ক হিচাপে নিযুক্ত কৰা হৈছে। পূৰ্বৰ অধিনায়ক হাৰমনপ্ৰীত কৌৰে নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে ব’ৰ্ডে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

যোৱা সোমবাৰে গুৱাহাটীত বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া, মহিলা দলৰ মুখ্য প্ৰশিক্ষক অমল মজুমদাৰ আৰু স্মৃতি মান্ধানাৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হৈছিল। ইয়াৰ পিছতে হাৰমনপ্ৰীত কৌৰে ছ’চিয়েল মিডিয়াত নিজৰ পদত্যাগৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। হাৰমনপ্ৰীতে অধিনায়কত্ব এৰিলেও এজন খেলুৱৈ হিচাপে দলৰ হৈ খেলি যাব বুলি জানিব পৰা গৈছে।

২০১৩ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰি অহা স্মৃতি মান্ধানাই ইতিমধ্যে দলৰ হৈ বিভিন্ন ফৰ্মেটত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁ ১৮খন টি-২০ আৰু ৪খন এদিনীয়া মেকত ভাৰতীয় দলক নেতৃত্ব দিয়াৰ অভিজ্ঞতাও আছে। ইয়াৰোপৰি, ফ্ৰেঞ্চাইজী ক্ৰিকেটত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB) দলক নেতৃত্ব দি ২০২৪ আৰু ২০২৬ চনত ডব্লিউ পি এল (WPL) খিতাপ দখল কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

নতুন দায়িত্ব গ্ৰহণ কৰি স্মৃতি মান্ধানাই বিচিচিআই, নিৰ্বাচকসকল আৰু সমৰ্থকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। লগতে, পূৰ্বৰ অধিনায়ক হাৰমনপ্ৰীত কৌৰে দললৈ আগবঢ়োৱা অৱদানক উচ্চ প্ৰশংসা কৰে। অহা দিনসমূহত জিভিৱাবৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ জৰিয়তে মান্ধানাই সম্পূৰ্ণকালীন অধিনায়ক হিচাপে নিজৰ ইনিংছ আৰম্ভ কৰিব।