মহাৰাষ্ট্ৰৰ আমৰাৱতীত ১৫,৫০০ চকলেটৰে নিৰ্মাণ গণেশ মূৰ্তি, ভক্তৰ বিপুল সমাগম

বিশেষ প্ৰতিবেদক: দেশৰ ভিন্ন প্ৰান্তত বৰ্তমানো ব্যাপক উৎসাহ-উদ্দীপনাৰে সিদ্ধি বিনায়ক গণেশৰ পূজা-অৰ্চনা চলি আছে। এই উৎসৱৰ বতৰত দেশৰ বিভিন্ন প্ৰান্তত ভিন্ন সামগ্ৰীৰে গণেশৰ মূৰ্তি প্ৰস্তুত কৰাৰ মনোমোহা দৃশ্য দেখিবলৈ পোৱা গৈছে। ঠিক একেদৰে, মহাৰাষ্ট্ৰৰ আমৰাৱতী চহৰৰ ৰতংগঞ্জ অঞ্চলত দেখা গ’ল ভগৱান গণেশৰ এক অতি আকৰ্ষণীয় আৰু ব্যতিক্ৰমি মূৰ্তি।

আমৰাৱতী চহৰৰ ৰতংগঞ্জ গণোৎসৱ মণ্ডলে প্ৰতি বছৰে নতুন নতুন সামগ্ৰী আৰু ব্যতিক্ৰমি ধাৰণা ব্যৱহাৰ কৰি গণেশ মূৰ্তি প্ৰস্তুত কৰাৰ এক অনন্য পৰম্পৰা বৰ্তাই ৰাখিছে। বিগত ৩২ বছৰ ধৰি চলে আহিছে এই বিশেষ পৰম্পৰা। এইবাৰ তেওঁলোকে ভগৱান গণেশৰ মূৰ্তিটো নিৰ্মাণৰ বাবে বাছি লৈছিল চকলেট। গণপতি বাপ্পাৰ এই সুন্দৰ ৰূপটি ফুটাই তুলিবলৈ মুঠ ১৫,৫০০টা চকলেট ব্যৱহাৰ কৰা হৈছে। দূৰৰ পৰা দেখিলে চকলেটৰ অসংখ্য টুকুৰাৰে সজোৱা বাপ্পাৰ এই মায়াবী ৰূপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

মণ্ডলৰ মুখ্য কাৰ্যৰ্তা বিশাল গুপ্তাৰ মতে, "আমৰাৱতীৰ এই সৰু মণ্ডলে প্ৰতি বছৰে ঝাঁকি বা সজ্জা সলনি কৰাতকৈ পোনপটীয়াকৈ গণৰায়ৰ ৰূপটো সলনি কৰাত গুৰুত্ব দিয়ে। আমাৰ বিশ্বাস যে প্ৰতিটো বস্তু আৰু প্ৰতিটো কণাৰ মাজতেই ঈশ্বৰৰ ৰূপ লুকাই আছে।" বিগত বছৰবোৰত ইয়াত কেঁচা কল, শংখ, বিভিন্ন মছলা, গুটি, ধান-দাইল, ডেমণ্ড আদি বিভিন্ন সামগ্ৰীৰে বাপ্পাৰ মূৰ্তি তৈয়াৰ কৰা হৈছিল। এইবাৰ সেই একে ধাৰাবাহিকতাৰেই চকলেটৰ ব্যৱহাৰেৰে এই অনন্য সৃষ্টি কৰা হৈছে।

মূৰ্তিটোৰ বিশেষত্ব আৰু বিসৰ্জন প্ৰক্ৰিয়া: শিল্পী ৰাকেশ সাহুৰ দ্বাৰা নিৰ্মিত এই মূৰ্তিটোৰ মূল গঠন মাটিৰে তৈয়াৰ কৰা হৈছে, যাৰ ওপৰত চকলেটবোৰ সুন্দৰভাৱে সজাই গণেশৰ চূড়ান্ত ৰূপ দিয়া হৈছে। বিশেষ কথাটো হ’ল, এই 'চকলেট গণেশ'ৰ বিসৰ্জন প্ৰক্ৰিয়াটোও অতিশয় পৰিৱেশ অনুকূল। মূৰ্তিটোৰ মূল আধাৰ মাটিৰ হোৱাৰ বাবে বিসৰ্জন দিয়াৰ পিছত ই পানীত সহজে দ্ৰৱীভূত হৈ যাব। মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে মাটিৰ অংশৰ লগতে ইয়াক ঢাকি ৰখা চকলেটখিনিও সম্পূৰ্ণৰূপে পানীত মিহলি হৈ যাব।

বাপ্পাৰ এই অভিনৱ ৰূপ উপভোগ কৰিবলৈ কেৱল স্থানীয় লোকৰেই নহয়, বৰঞ্চ সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠসকললৈকে সকলো বয়সৰ ভক্তই ৰতংগঞ্জৰ পণ্ডালত ভিৰ জমাইছে। হাজাৰ হাজাৰ চকলেটৰে নিৰ্মিত এই অনুপম ৰূপ প্ৰত্যক্ষ কৰিবলৈ পাই ভক্তসকলৰ মাজতো ব্যাপক উৎসাহ দেখা গৈছে।