নতুনদিল্লী: দেশৰ জ্যেষ্ঠ ৰাজনীতিবিদ তথা ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) মাৰ্গদৰ্শক লাল কৃষ্ণ আদৱানীটোক বুকুৰ সংক্ৰমণৰ বাবে নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ৰ তৰফৰ পৰা জনোৱা মতে, ৯৮ বছৰীয়া জ্যেষ্ঠ নেতাগৰাকী বৰ্তমান চিকিৎসালয়ৰ পালমোনাৰী বিভাগত বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত তেওঁক হাস্পতাললৈ অনা হয়। বয়সজনিত বিভিন্ন স্বাস্থ্যজনিত কাৰণত ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ মে’ মাহত তেওঁক একেখন চিকিৎসালয়তে ভৰ্তি কৰোৱা হৈছিল আৰু কেইদিনমান চিকিৎসাৰ পিছত তেওঁ ঘৰলৈ উভতিছিল। ইয়াৰ কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীস্থিত তেওঁৰ বাসভৱনলৈ গৈ তেওঁৰ স্বাস্থ্যৰ খবৰ লৈছিল।

ভাৰতীয় ৰাজনীতিত লাল কৃষ্ণ আদৱানীৰ অৱদান অপৰিসীম। তেওঁ ২০০২ চনৰ পৰা ২০০৪ চনলৈ দেশৰ উপ-প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ লগতে ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ গুৰ দায়িত্বত আছিল। দেশৰ ৰাজনৈতিক আৰু সামাজিক খণ্ডত তেওঁৰ দীৰ্ঘদিনীয়া অৱদানৰ স্বীকৃতিস্বৰূপে ২০২৪ চনত দেশৰ সৰ্বোচ্চ নাগৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰা হয়। বৰ্তমান চিকিৎসকৰ দলে তেওঁৰ স্বাস্থ্যৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে