মুম্বাই: ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) বোম্বেত এজন ছাত্ৰৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰীক্ষাত মোবাইল ফোন ব্যৱহাৰ কৰাৰ অপৰাধত ধৰা পৰাৰ কেইঘণ্টামান পিছতে হোষ্টেলৰ কোঠাৰ পৰা উদ্ধাৰ হোৱা দ্বিতীয় বৰ্ষৰ ছাত্ৰ সাহিল ৰবীন্দ্ৰ ৱাকোদেৰ মৃত্যুক লৈ এতিয়া কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই গোচৰত প্ৰতিষ্ঠানটোৰ এজন প্ৰভাষক তথা জ্যেষ্ঠ অধ্যাপকৰ বিৰুদ্ধে আত্মহত্যাত প্ৰৰোচনাৰ অভিযোগত এফআইআৰ (FIR) দাখিল কৰা হৈছে।

শনিবাৰে মৃত ছাত্ৰজনৰ পিতৃ-মাতৃয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত পোৱাই থানাত ভাৰতীয় ন্যায় সংহিতাৰ (BNS) ১০৮ ধাৰা আৰু অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ নিবাৰণ) আইনৰ বিভিন্ন বিধানৰ অধীনত গোচৰ ৰুজু কৰা হয়। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, মৃত ছাত্ৰজনক বিগত তিনিমাহ ধৰি কেতবোৰ জাতিগত কটু কথা কৈ মানসিকভাৱে হাৰাশাস্তি চলাইছিল অভিযুক্ত অধ্যাপক সূৰ্যনাৰায়ণ ডুল্লাই (Suryanarayana Doolla)।

মৃতদেহ ল'বলৈ মৃতকৰ পিতৃ-মাতৃৰ অস্বীকাৰ আৰু ক্ৰাইম ব্ৰাঞ্চৰ তদন্ত: ঘটনাৰ পিছতে ৰাজৱাড়ী হাস্পতালৰ মৰ্গৰ সন্মুখত ছাত্ৰজনৰ পিতৃ-মাতৃয়ে প্ৰায় সাত ঘণ্টাজোৰা এক প্ৰতিবাদী অৱস্থান গ্ৰহণ কৰে। দোষী ব্যক্তিসকলক গ্ৰেপ্তাৰ নকৰালৈকে তেওঁলোকে পুত্ৰৰ মৃতদেহ ল'বলৈ অস্বীকাৰ কৰে। অৱশেষত জ্যেষ্ঠ আৰক্ষী বিষয়াৰ হস্তক্ষক্ষেপত ক্ৰাইম ব্ৰাঞ্চৰ দ্বাৰা এক উচ্চ পৰ্যায়ৰ তদন্তৰ আশ্বাসন পোৱাৰ পিছত তেওঁলোকে মৃতদেহ গ্ৰহণ কৰে। মুম্বাই আৰক্ষীয়ে ইতিমধ্যে গোচৰটোৰ তদন্ত ক্ৰাইম ব্ৰাঞ্চৰ হাতলৈ স্থানান্তৰ কৰিছে আৰু সহকাৰী আয়ুক্তৰ (ACP) নেতৃত্বত তদন্ত চলোৱা হ'ব বুলি ঘোষণা কৰিছে।

আইআইটি বোম্বে কৰ্তৃপক্ষৰ প্ৰতিক্ৰিয়া: আনহাতে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত আইআইটি বোম্বে কৰ্তৃপক্ষই স্পষ্ট কৰিছে যে পৰীক্ষা হলত মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবে ছাত্ৰজনক ধৰা পৰাৰ পিছতো তেওঁৰ বিৰুদ্ধে কোনো আনুষ্ঠানিক অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। প্ৰতিষ্ঠানটোৰ সঞ্চালক প্ৰফেচৰ শিৰীশ কেদাৰে কেম্পাছত কোনো ধৰণৰ জাতিগত বৈষম্য নাই বুলি দাবী কৰি কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ এনে তথ্যসমূহ সম্পূৰ্ণ গোপনীয় হৈ থাকে।

উল্লেখ্য যে, বিগত সাতটা মাহৰ ভিতৰত আইআইটি বোম্বে কেম্পাছত ছাত্ৰ আত্মহত্যাৰ এইটো তৃতীয়টো ঘটনা। এই ঘটনাই কেম্পাছৰ ছাত্ৰ সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু ছাত্ৰ সংগঠনসমূহে স্বচ্ছ তদন্তৰ লগতে ন্যায়ৰ দাবী জনাইছে।