দেমৰীয়া: অসমীয়া সাংস্কৃতিক জগতৰ অপ্ৰতিদ্বন্দ্বী সম্ৰাট, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ অমৰ স্মৃতিক চিৰস্মৰণীয় কৰি ৰাখিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰেই দেমৰীয়া অঞ্চলো এক ক্ৰীড়ামুখৰ পৰিৱেশে বিৰাজ কৰিছে। প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতিত দেমৰীয়াৰ বাকৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এক উত্তেজনাময় জুবিন গাৰ্গ সোঁৱৰণী নক-আউট ফুটবল প্ৰতিযোগিতা।
খেলপথাৰখনত উপস্থিত থকা মানুহৰ উৎসাহ আৰু উন্মাদনা দেখি স্পষ্ট হৈ পৰিছে যে জুবিন কেৱল সংগীতৰ ক্ষেত্ৰখনেই নহয়, বৰং ক্ৰীড়া আৰু সমাজ সচেতনতাৰ ক্ষেত্ৰতো যুৱপ্ৰজন্মৰ বাবে এক চিৰন্তন প্ৰেৰণা। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা একাধিক তাৰকা দল আৰু উদীয়মান ফুটবল খেলুৱৈসকল উপস্থিত হৈছে।
উদ্বোধনী অনুষ্ঠানৰ পৰাই খেলপথাৰত দৰ্শকৰ ব্যাপক সমাগম দেখিবলৈ পোৱা গৈছে। স্থানীয় ফুটবলপ্ৰেমী তথা জুবিন অনুৰাগীসকলে এই প্ৰতিযোগিতাক অত্যন্ত আৱেগিকভাৱে গ্ৰহণ কৰিছে। উদ্যোক্তাসকলৰ মতে, জুবিন গাৰ্গৰ বহুমুখী প্ৰতিভা আৰু ক্ৰীড়া তথা সমাজৰ প্ৰতি থকা অকৃক্ৰিম মৰমক সন্মান জনাই এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে, যিয়ে ভৱিষ্যতেও যুৱসমাজলৈ এক সবল বাৰ্তা প্ৰেৰণ কৰিব।