গুৱাহাটী, ২১ ছেপ্টেম্বৰ: অসমৰ শক্তি খণ্ডৰ ইতিহাসত এক ঐতিহাসিক মাইলৰ খুঁগ স্থাপন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নামনি অসমৰ ধুবৰিত জিলাৰ চাপৰত আদানী পাৱাৰ লিমিটেডৰ (APL) ৩,২০০ মেগাৱাট ক্ষমতাসম্পন্ন 'আল্ট্ৰা-ছুপাৰক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্লান্ট' (Ultra-Supercritical Thermal Power Plant)-ৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে। প্ৰায় ৪৮,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পটো ৰাজ্যৰ শিল্প খণ্ডৰ সৰ্ববৃহৎ একক বিনিয়োগ বুলি বিবেচিত হৈছে।
অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পটো ৰাজ্যৰ বাবে এক গৌৰৱৰ বিষয়। ইয়াৰ জৰিয়তে অসম শক্তি খণ্ডৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে। ‘এডভান্টেজ আছাম বিনিয়োগ সন্মিলন ২.০’ (Advantage Assam Investor Summit 2.0)-ৰ ফলশ্ৰুতিত এই মেগা প্ৰকল্পটো বাস্তৱায়িত হোৱাটো ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ বাবে এক ডাঙৰ সাফল্য বুলি তেওঁ মত প্ৰকাশ কৰে।
কৰ্মসংস্থাপন আৰু অৰ্থনৈতিক বিকাশ:
প্ৰতিবেদন অনুসৰি, এই বিশাল প্ৰকল্পটোৰ নিৰ্মাণ পৰ্যায়ত প্ৰায় ২০,০০০ লোকৰ বাবে আৰু প্ৰকল্পটো সম্পূৰ্ণভাৱে কাৰ্যক্ষম হৈ উঠাৰ পিছত প্ৰায় ৫,০০০ লোকৰ প্ৰত্যক্ষ তথা পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। ইয়াৰোপৰি স্থানীয় ঠিকাদাৰ, যোগানকাৰী, পৰিবহণ ব্যৱসায়ী আৰু সেৱা প্ৰদানকাৰীসকলৰ বাবেও নতুন ব্যৱসায়িক দুৱাৰ মুকলি হ’ব, যিয়ে আদানী গ্ৰুপৰ ভেন্ডৰ ইক'চিষ্টেমৰ সৈতে মিলি কাম কৰাৰ সুযোগ লাভ কৰিব।
প্ৰকল্পৰ সময়সীমা আৰু কাৰিকৰী বৈশিষ্ট্য:
চাপৰত নিৰ্মাণ হ'বলগীয়া এই তাপবিদ্যুৎ প্ৰকল্পটোত ৮০০ মেগাৱাটকৈ চাৰিটা ইউনিট থাকিব। ইয়াত অত্যাধুনিক 'আল্ট্ৰা-ছুপাৰক্ৰিটিকেল টেকনোলজি' ব্যৱহাৰ কৰা হ’ব, যিয়ে উচ্চ কাৰ্যক্ষমতা আৰু আধুনিক পৰিৱেশ সুৰক্ষা নিশ্চিত কৰিব। এই প্ৰকল্পটো ২০৩০ চনৰ ডিচেম্বৰ মাহৰ পৰা পৰ্যায়ক্ৰমে কাৰ্যক্ষম হৈ উঠাৰ সম্ভাৱনা আছে।
আদানি গ্ৰুপৰ সঞ্চালক (Director) জিৎ আদানীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে, আদানী পাৱাৰে অসমৰ অৰ্থনৈতিক বৃদ্ধিত অংশীদাৰ হ'বলৈ পাই গৌৰৱ অনুভৱ কৰিছে। এই প্ৰকল্পই ঘৰুৱা, বাণিজ্যিক আৰু ঔদ্যোগিক খণ্ডক নিৰ্ভৰযোগ্য আৰু সুলভ বিদ্যুৎ যোগান ধৰাত সহায় কৰিব। লগতে তেওঁ অসমৰ ভৌগোলিক অৱস্থিতিক ভাৰতৰ ভৱিষ্যতৰ শক্তিৰ "বেটেৰী" হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে।
উল্লেখ্য যে, চাপৰৰ এই প্ৰকল্পৰ উপৰিও আদানী গ্ৰুপে অসমত শক্তি, বিমান পৰিবহণ আৰু চিমেণ্ট খণ্ডত প্ৰায় ৮০,০০০ কোটি টকাৰো অধিক বিনিয়োগৰ পৰিকল্পনা হাতত লৈছে। এই মেগা প্ৰকল্পসমূহৰ সফল ৰূপায়ণৰ জৰিয়তে অহা কেইবছৰমানৰ ভিতৰত অসমত ব্যাপক হাৰত আন্তঃগাঁথনি উন্নয়ন আৰু নতুন অৰ্থনৈতিক সুযোগৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে।