মিয়ামি/পৰ্ট-অ’-প্ৰিন্স: ২০২১ চনত সংঘটিত হেইটিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জোভেনেল মইছে (Jovenel Moise) ৰহস্যজনক হত্যাকাণ্ডৰ তদন্তত এক নতুন মোৰ লৈছে। এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সৈতে জড়িত ১৮ জন সন্দেহযুক্ত ব্যক্তিক হাইটিৰ পৰা আমেৰিকালৈ হস্তান্তৰ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লোৰিডাৰ দক্ষিণ জিলাৰ এটৰ্নি জেসন ৰেডিং কুইনোনছে (Jason Reding Quiñones) নিশ্চিত কৰা মতে, এই সন্দেহযুক্ত লোকসকলক বিচাৰৰ বাবে আমেৰিকালৈ অনা হৈছে।
২০২১ চনৰ ৭ জুলাইৰ নিশা এক সশস্ত্ৰ আক্ৰমণকাৰী দলে হেইটিৰ ৰাষ্ট্ৰপতিৰ বাসভৱনত প্ৰৱেশ কৰি জোভেনেল মইছেক নিৰ্বমভাৱে হত্যা কৰিছিল আৰু তেওঁৰ পত্নীক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল। এই আক্ৰমণত মূলতঃ অৱসৰপ্ৰাপ্ত কলম্বিয়ান ভাড়াভুটিয়া সৈনিক আৰু হাইটিৰ কেইগৰাকীমান স্থানীয় নাগৰিক জড়িত আছিল।
হেইটিৰ দুৰ্বল ন্যায় ব্যৱস্থা, সঘনাই হোৱা হিংসাত্মক পৰিস্থিতি আৰু বিচাৰকসকলৰ পদত্যাগৰ বাবে বিগত পাঁচ বছৰ ধৰি দেশখনত এই গোচৰৰ সঠিক বিচাৰ আগবাঢ়িব পৰা নাছিল। অৱশেষত, ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ উদ্দেশ্যে হাইটি চৰকাৰে আমেৰিকাৰ ন্যায়িক কৰ্তৃপক্ষৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় আৰু এই ১৮ জন লোকক আমেৰিকাক গতাই দিয়ে।
আমেৰিকাৰ তদন্তকাৰী সংস্থাসমূহে জনোৱা মতে, এই ষড়যন্ত্ৰৰ আঁৰত থকা বিত্তীয় সাহায্যকাৰী আৰু মূল পৰিকল্পনাকাৰীসকলক বিচাৰি উলিয়াবলৈ তেওঁলোকৰ অভিযান অব্যাহত থাকিব। ইয়াৰ পূৰ্বে আমেৰিকাৰ আদালতে কেইবাজনো অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছে। বৰ্তমান নতুনকৈ অনা ১৮ জন লোকৰ ওপৰত আমেৰিকাৰ আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব, যিয়ে এই দীৰ্ঘদিনীয়া হত্যাকাণ্ডৰ গোচৰত এক ডাঙৰ সাফল্য হিচাপে বিবেচিত হৈছে।