লাভ কৰা তথ্য অনুসৰি, সোমবাৰে পুৱা নিৰ্ধাৰিত সময় অনুসৰি দিল্লীৰ পৰا পাটনা অভিমুখে উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ এআই ১৭৪১ (AI 1741) নম্বৰৰ বিমানখনে। যাত্ৰা সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল যদিও বিমানখনে পাটনাৰ জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ কিছু সময়ৰ পূৰ্বে আকাশমাৰ্গত এটা চৰায়ে বিমানখনত খুন্দা মাৰে। ইয়াৰ ফলত বিমানখন নিয়ন্ত্ৰণ কৰি অৱতৰণ কৰাত কিছু অসুবিধাৰ সৃষ্টি হয় আৰু ই ৰাণৱেৰ ওপৰত কেবাবাৰো ঘূৰি থাকিবলগীয়া হয়।
বিমানখনৰ পাইলটগৰাকীয়ে তৎক্ষণাৎ গুৰুত্ব উপলব্ধি কৰি এয়াৰ ট্ৰেফিক কণ্ট্ৰ'ল (ATC) আৰু বিমানবন্দৰ কৰ্তৃপক্ষক সন্দিগ্ধ চৰাইৰ খুন্দা মৰাৰ বিষয়ে অৱগত কৰে। লগে লগে বিমানবন্দৰ প্ৰশাসনে জৰুৰীকালীন অৱতৰণৰ প্ৰট'কল সক্ৰিয় কৰি অগ্নিনিৰ্বাপক বাহিনী আৰু চিকিৎসা দলক সাজু কৰি ৰাখে। অৱশ্যে শেষ মূহুত্বত পাইলটৰ সু-নিপুণ হাতৰ পৰশত বিমানখন সুৰক্ষিতভাৱে মাটিত অৱতৰণ কৰে।
বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰাৰ পাছতে কাৰিকৰী দল আৰু সুৰক্ষাধাৰীয়ে বিমানখন পৰীক্ষা কৰি চায়। বিভাগীয় বিষয়াসকলে নিশ্চিত কৰে যে এই ঘটনাত কোনো যাত্ৰীৰ ক্ষতি হোৱা নাই আৰু সকলোৱে সুৰক্ষিতভাৱে বিমানৰ পৰা নামি আহিছে। এই ঘটনাৰ বাবে বিমানবন্দৰৰ অন্যান্য উৰণ প্ৰক্ৰিয়াত কোনো বাধাৰ সৃষ্টি হোৱা নাই কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।
উল্লেখ্য যে, বাৰিষাৰ সময়ত বিমানবন্দৰসমূহৰ কাষতে চৰাইৰ উপদ্ৰৱ বৃদ্ধি পোৱাটো এক স্বাভাৱিক সমস্যা বুলি গণ্য কৰা হয়। ইফালে, এসপ্তাহৰ ভিতৰত পাটনা বিমানবন্দৰত সংঘটিত হোৱা এইটো দ্বিতীয়টো চৰাই আক্ৰমণৰ ঘটনা হোৱাৰ বাবে বিমান যাত্ৰাৰ সুৰক্ষাক লৈ ইতিমধ্যে বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে। বিমানবন্দৰ প্ৰশাসনে এই দিশত সজাগতা বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰিছে।