নতুনদিল্লী: ফুকেট-দিল্লী বিমানত সংঘটিত এক গুৰুতৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰহি এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দুই বিমান সংস্থাই তেওঁলোকৰ ৫ হাজাৰতকৈ অধিক পাইলটৰ বাবে বাধ্যতামূলকভাৱে 'চাইক'এ্টিভ চাবষ্টেন্স' (Psychoactive Substance) অৰ্থাৎ ড্ৰাগছ বা নিচাজাতীয় দ্ৰব্যৰ পৰীক্ষা আৰম্ভ কৰিছে।
যোৱা ৪ আগষ্টত ফুকেটৰ পৰা দিল্লীলৈ অহা এয়াৰ ইণ্ডিয়াৰ এয়াৰবাস এ৩২০ (AI 2379) বিমানখনে উৰণৰ সময়ত হঠাতে প্ৰায় ৩০০ ফুট উচ্চতা হ্ৰাস কৰিছিল (Altitude Loss)। এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিত বিমানখনত থকা কেইবাজনো যাত্ৰী আৰু কেবিন ক্ৰু আহত হৈছিল। পৰৱৰ্তী সময়ত বিমানখনৰ পাইলট-ইন-কমমাণ্ডৰ কেইবাটাও পৰীক্ষাত মাৰিজুৱানা (Marijuana) সেৱন কৰাৰ তথ্য পোহৰলৈ আহে। এই ঘটনাৰ পিছতেই বিমান সংস্থাসমূহে নিজৰ আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰি তুলিছে।
সাধাৰণ নিয়ম অনুসৰি ডিজিচিএ (DGCA)-য়ে বছৰি নিৰ্বাচিতভাৱে ১০ শতাংশ ক্ৰু সদস্যৰহে ড্ৰাগছ টেষ্ট কৰাটো বাধ্যতামূলক কৰিছিল। কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰহি এয়াৰ ইণ্ডিয়াই নিৰ্ধাৰিত নিয়মৰ ঊৰ্ধ্বলৈ গৈ গ্ৰুপৰ সকলো পাইলটকে এই পৰীক্ষালৈ আনিছে।
সংস্থাৰ সূত্ৰে প্ৰকাশ কৰা অনুসৰি, এই পৰীক্ষাসমূহ গুৰুগ্ৰামস্থিত একাডেমীৰ প্ৰশিক্ষণৰ লগতে বিমান বন্দৰৰ ব্ৰিফিঙ চেণ্টাৰ আৰু কাৰ্যালয়সমূহত কাৰ্যকৰী কৰা হ'ব। যাত্ৰীসকলৰ সুৰক্ষা আৰু বিমান সেৱাৰ প্ৰতি আস্থা অক্ষুণ্ণ ৰাখিয়েই এই বাধ্যতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰিছে।