নতুন দিল্লী: গুৰুত্বপূৰ্ণ সীমান্ত আলোচনাৰ পূৰ্বে মঙলবাৰে চীনৰ ৰাজধানী বেইজিংত উপস্থিত হৈ চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেঙক (Han Zheng) সাক্ষাৎ কৰে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা (NSA) অজিত ডোভালে। দুদিনীয়া ভ্ৰমণসূচী লৈ সোমবাৰে বেইজিংত উপস্থিত হোৱা ডোভালে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ (Wang Yi) সৈতে ভাৰত-চীন সীমান্ত বিবাদ সংক্রান্তীয় বিশেষ প্ৰতিনিধি পৰ্যায়ৰ (SR) আলোচনাৰ বাবে অংশগ্ৰহণ কৰিছে।


বেইজিংস্থিত ভাৰতীয় দূতাবাসৰ তথ্য অনুসৰি, উপ-ৰাষ্ট্ৰপতি হান ঝেঙৰ সৈতে হোৱা এই বৈঠকত সীমান্ত অঞ্চলত শান্তি আৰু স্থিৰতা বৰ্তাই ৰখাৰ উপায়সমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰোপৰি উভয় দেশৰ নেতৃত্বৰ মাজত হোৱা সন্মতিৰ ভিত্তিত অর্থনৈতিক, ৰাজনৈতিক আৰু বহুপাক্ষিক মঞ্চসমূহত দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নত কৰাৰ দিশটোক লৈও আলোচনা কৰা হয়।

আলোচনাৰ গুৰুত্ব আৰু পটভূমি:

আগন্তুক সময়ত চীনৰ ৰাষ্ট্ৰপতি চিনপিংৰ সম্ভাব্য নতুন দিল্লী ভ্ৰমণ আৰু ১২-১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ (BRICS) সন্মিলনৰ প্ৰাকক্ষণত এই বৈঠকখনে বিশেষ তাৎপৰ্য বহন কৰিছে। ২০২০ চনৰ গালৱান উপত্যকাৰ সংঘৰ্ষ আৰু পূব লাডাখৰ দীৰ্ঘদিনীয়া সামৰিক বিৰোধৰ পিছত দুয়োখন দেশৰ সম্পৰ্কত কিছু অৱনতি ঘটিছিল যদিও শেহতীয়াভাৱে সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে।

৩,৪১১ কিলোমিটাৰ জোৰা দীঘলীয়া ভাৰত-চীন সীমান্ত বিবাদৰ সমস্যাক সৰ্বাংগীনভাৱে সমাধানৰ লক্ষ্যৰে ২০০৩ চনত এই বিশেষ প্ৰতিনিধি (SR) পৰ্যায়ৰ আলোচনাৰ ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছিল। যদিও এই ব্যৱস্থাই এতিয়ালৈকে সম্পূৰ্ণ সীমান্ত সমস্যা সমাধান কৰিব পৰা নাই, তথাপিও উত্তেজনা হ্ৰাস কৰা আৰু দুয়োপক্ষৰ মাজত যোগাযোগ অব্যাহত ৰখাৰ বাবে ইয়াক এটি গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে গণ্য কৰা হয়।