অসমত চলি থকা প্ৰলয়ংকৰী বান পৰিস্থিতি আৰু বানাক্ৰান্তসকলৰ দুৰ্দশাক লৈ মঙলবাৰে এক গুৰুত্বপূৰ্ণ সংবাদ মেল সম্বোধন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। সংবাদ মেলত তেওঁ ৰাজ্য চৰকাৰৰ বান সাহাৰ্য বিতৰণ ব্যৱস্থা আৰু বানাক্ৰান্তসকলক প্ৰদান কৰা আৰ্থিক সাহায্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
বিধায়ক অখিল গগৈয়ে চৰকাৰে বানাক্ৰান্ত পৰিয়াললৈ আগবঢ়োৱা ১৫ হাজাৰ টকাৰ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্যক অতি "অপমানজনক" আৰু "অযৌক্তিক" বুলি অভিহিত কৰে। তেওঁ কয় যে বানৰ কৱলত পৰি হাজাৰ হাজাৰ পৰিয়ালে নিজৰ ঘৰ-দুৱাৰ, খেতি-বাতি, ঘৰচীয়া পশুখিদাৰ আৰু জীৱিকা সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে। এনে পৰিস্থিতিত মাত্ৰ ১৫ হাজাৰ টকাৰে এটা পৰিয়ালে পুনৰ থিয় দিয়াটো একেবাৰে অসম্ভৱ।
তেওঁ লগতে অভিযোগ কৰে যে প্ৰতিবছৰে বানে অসমত ভয়াৱহ ৰূপ ল'লেও চৰকাৰে স্থায়ী বান নিয়ন্ত্ৰণ বা ফলপ্ৰসূ ক্ষতিপূৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। উজনিত বানপানীয়ে সৃষ্টি কৰা তাণ্ডৱৰ কথা উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে ঘোষণা কৰা সাহায্যৰ পৰিমাণ তৎক্ষণাৎ বৃদ্ধি কৰা উচিত। অন্যথা বানাক্ৰান্তসকলৰ দুৰ্দশা আৰু অধিক ঘণীভূত হ'ব বুলি তেওঁ সকীয়াই দিয়ে।
সংবাদ মেলৰ জৰিয়তে অখিল গগৈয়ে চৰকাৰক শীঘ্ৰেই ক্ষতিগ্ৰস্ত জিলাসমূহত উচিত জৰীপ চলাই প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়াললৈ পৰ্যাপ্ত পৰিমাণৰ আৰ্থিক সাহায্য আৰু পুনৰ্বাসনৰ ব্যৱস্থা কৰিবলৈ জোৰদাৰ দাবী জনায়।