গুৱাহাটী: অসমত প্ৰকৃতিৰ তাণ্ডৱ লীলা অব্যাহত আছে। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও সমূলঞ্চে উন্নত হোৱা নাই। দুৰ্যোগৰ খবৰ সংগ্ৰহ আৰু তথ্য প্ৰবন্ধন ব্যৱস্থা (DRIMS) ৰ প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ কেইবাখনো জিলাত বানপানীয়ে ভয়াবহ ৰূপ লৈছে। বৰ্তমানলৈকে ৰাজ্যখনৰ মুঠ ৬ খন জিলাৰ ৪ লাখ ৪৫ হাজাৰতকৈও অধিক লোক বানাক্ৰান্ত হৈ পৰেছে।
বানাক্ৰান্ত জিলাসমূহৰ ভিতৰত শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, যোৰহাট, নগাঁও আৰু কামৰূপ (মহানগৰ) জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ইফালে, নুমলীগড়ত ধনশিৰি নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাত কাষৰীয়া অঞ্চলসমূহৰ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে। যদিও বৰ্তমানলৈ কোনো মানৱ মৃত্যুৰ প্ৰত্যক্ষ খবৰ অহা নাই, তথাপিও বানৰ ফলত অঞ্চলটোৰ আন্তঃগাঁথনি আৰু কৃষিভূমিৰ ব্যাপক ক্ষতিসাধন হৈছে।
প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িতসকলক উদ্ধাৰ কৰিবলৈ আৰু সাহায্য প্ৰদান কৰিবলৈ যুদ্ধকালীন গতিৰে কাম চলি আছে। ক্ষতিগ্ৰস্ত এলেকাত SDRF আৰু NDRF ৰ দল মোতায়েন কৰা হৈছে। প্ৰশাসনে ইতিমধ্যে বানাক্ৰান্তসকলৰ বাবে আশ্ৰয় শিবিৰ মুকলি কৰি খাদ্য আৰু প্ৰয়োজনীয় ঔষধ পত্ৰ বিত্ৰণ অব্যাহত ৰাখিছে। চৰকাৰী সংস্থাসমূহে সমগ্ৰ পৰিস্থিতি অতি নিকটৰ পৰা নিৰীক্ষণ কৰি আছে।