নতুনদিল্লী: দেশৰ আগশাৰীৰ আইন বিশ্ববিদ্যালয় NALSAR (NALSAR University of Law) ৰ ২০২৬ বৰ্ষৰ স্নাতকসকলৰ নামভৰ্তি বা পঞ্জীয়ন নিষিদ্ধ কৰাক লৈ সৃষ্টি হোৱা তীব্ৰ বিতৰ্কৰ অন্ত পেলাই বাৰ কাউন্সিল অব ইণ্ডিয়াই (BCI) তেওঁলোকৰ পূৰ্বৰ বিতৰ্কিত নিৰ্দেশ প্ৰত্যাহাৰ কৰি লয়। মুখ্য ন্যায়াধীশ (CJI) সূৰ্য কান্তৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনলৈ আগমনক লৈ একাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে BCI-য়ে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল যদিও পিছত সিদ্ধান্ত সলনি কৰে।

কি আছিল সমগ্ৰ ঘটনা?

প্ৰাপ্ত খবৰ অনুসৰি, NALSAR বিশ্ববিদ্যালয়ৰ একাংশ বিদায়ী ছাত্ৰ-ছাত্ৰীয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তক সমাৱৰ্তন অনুষ্ঠানলৈ মুখ্য অতিথি হিসেবে আমন্ত্ৰণ জনোৱাৰ বিৰোধিতা কৰিছিল। দিল্লীৰ প্ৰতিবাদ সম্পৰ্কীয় একাংশ গোচৰত মুখ্য ন্যায়াধীশে দিয়া মন্তব্যক লৈ এই অসন্তুষ্টিৰ সৃষ্টি হৈছিল। ছাত্ৰসকলৰ এই প্ৰতিবাদী অভিযান আৰু স্মাৰকপত্ৰ প্ৰদানক লৈ সৰ্বভাৰতীয় আইন নিয়ামক সংস্থা BCI ক্ষুব্ধ হৈ উঠিছিল।

বৃহস্পতিবাৰে প্ৰথমতে BCI-য়ে দেশৰ সকলো ৰাজ্যৰ বাৰ কাউন্সিলক নিৰ্দেশ দিছিল যে, যিহেতু বিষয়টোৰ তদন্ত চলি আছে, সেয়ে ২০২৬ বৰ্ষত NALSARৰ পৰা উত্তীৰ্ণ হোৱা কোনো ছাত্ৰ-ছাত্ৰীক অধিবক্তা হিসেবে পঞ্জীয়ন বা নামভৰ্তি কৰা নহ'ব। BCI চেয়াৰমেন মানন কুমাৰ মিশ্ৰৰ দ্বাৰা স্বাক্ষৰিত এই পত্ৰখনে আইন মহমহলত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল। লগতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰা এই সমগ্ৰ প্ৰতিবাদী অভিযানৰ নেতৃত্ব দিয়া বা জড়িত থকা ব্যক্তিসকলৰ তালিকা তিনিদিনৰ ভিতৰত তলব কৰা হৈছিল।

নিৰ্দেশ প্ৰত্যাহাৰ BCIৰ

অৱশ্যে ছাত্ৰ সমাজ আৰু বিভিন্ন মহলে এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ পিছতে BCI-য়ে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰে। বৃহস্পতিবাৰে সন্ধিয়া এক সংশোধিত বিবৃতিত BCI-য়ে জানায় যে পৰিষদৰ সদস্যসকলে বিষয়টো তন্ন তন্নকৈ আলোচনা কৰি এই সিদ্ধান্তত উপনীত হয় যে NALSARৰ ২০২৬ বৰ্ষৰ স্নাতকসকলৰ বৃহৎ সংখ্যাগৰিষ্ঠ ছাত্ৰ-ছাত্ৰীয়েই নিৰ্দোষী আছিল। তেওঁলোকৰ কোনো ব্যক্তিয়েই দেশৰ ন্যায়ালয় বা মুখ্য ন্যায়াধীশৰ প্ৰতি কোনো অনাদৰ প্ৰদৰ্শন কৰাৰ মনোভাৱ ৰখা নাছিল।

"কোনো কাৰণতে অবিহনে বা দোষ নথকাকৈ কোনো ছাত্ৰ-ছাত্ৰীক শাস্তি ভোগ কৰিবলৈ দিয়া হ'ব নোৱাৰে," বুলি উল্লেখ কৰি BCI-য়ে পূৰ্বৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে। ইয়াৰ ফলত এতিয়া NALSARৰ ২০২৬ বৰ্ষৰ সকলো যোগ্য স্নাতকে নিজৰ পচন্দ অনুসৰি যিকোনো ৰাজ্যৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে পঞ্জীয়নভুক্ত হ'ব পাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে। আনহাতে, বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষক বা বাহ্যিক ব্যক্তিয়ে ছাত্ৰসকলক উচটনি দিয়াৰ অভিযোগ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ পৰা অনুসন্ধানমূলক প্রতিবেদন লাভ কৰাৰ পিছত পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব বুলিও পৰিষদে প্ৰকাশ কৰিছে।