বেতিয়া: আনন্দৰ মুহূৰ্ত মূহূৰ্তৰ ভিতৰতে পৰিণত হ’ল শোকাৱহ ঘটনালৈ। বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ বেতিয়াত অনুষ্ঠিত হৈ থকা এটা 'ছঠিয়াৰ' (নৱজাতকৰ ষষ্ঠ দিৱসৰ অনুষ্ঠান) অনুষ্ঠানত এখন দ্ৰুতবেগী যাত্ৰীবাহী বাছে প্ৰৱেশ কৰাৰ ফলত ৫ জন লোকৰ অকাল মৃত্যু ঘটিছে। এই ঘটনাত আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি, লৌৰিয়া থানাৰ অন্তৰ্গত বনকটৱা গাঁৱত শক্ৰুঘ্ন ডুবেৰ ঘৰত এটা ছঠিয়াৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই উপলক্ষে পথৰ দাঁতিত এটা আৰ্কেষ্ট্ৰা অনুষ্ঠান চলি আছিল আৰু বহু লোকে গোট খাই সেই অনুষ্ঠান উপভোগ কৰি আছিল। ইতিমধ্যে গৰখপুৰৰ পৰা বেতিয়া অভিমুখে গৈ থকা এখন বাছে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকক বচাবলৈ যাওঁতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। নিয়ন্ত্ৰণহীন বাছখনে পোনপটীয়াকৈ ভিৰৰ মাজত সোমাই পৰে।
এই দুৰ্ঘটনাটোত থিতাতে ৫ জন লোকৰ মৃত্যু হয়। মৃতকসকলক বাহাদুৰ মাহাতো, সঞ্জয় কুমাৰ, ভোলা ডুবে, দেৱেন্দ্ৰ ডুবে আৰু ছাংগুৰ ৰাম বুলি চিনাক্ত কৰা হৈছে। আটাইতকৈ হৃদয়বিদাৰক কথাটো হ'ল যে মৃতকৰ তালিকাত দেৱেন্দ্ৰ ডুবেও আছে, যাৰ সন্তানৰ ছঠিয়াৰ অনুষ্ঠান চলি আছিল।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে লৌৰিয়া আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক ততাতৈয়াকৈ বেতিয়াৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰা হয়। স্থানীয় লোকৰ মতে, বাছখনৰ গতিবেগ অতি তীব্ৰ আছিল। দুৰ্ঘটনাটোৰ পাছতে উত্তেজিত ৰাইজে বাছখনত ভাঙুৰ কৰে। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰা হৈছে।