নয়াদিল্লী: দেশৰ ঔষধ নিয়ন্ত্ৰণ ব্যৱস্থাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে 'ড্ৰাগছ (এঘাৰ সংখ্যক সংশোধনী) নিয়ম, ২০২৬' (Drugs Eleventh Amendment Rules, 2026) অধিসূচিত কৰিছে। এই নতুন নিয়মৰ জৰিয়তে লাইচেন্স প্ৰদানকাৰী কৰ্তৃপক্ষক ঔষধ নিৰ্মাতা কোম্পানী, আমদানিকৰ্তা আৰু অন্যান্য আবেদনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ক্ষমতা প্ৰদান কৰা হৈছে। যদি কোনো আবেদনকাৰীয়ে নিয়ামক আবেদনসমূহৰ সমৰ্থনত ভুৱা, বিকৃত বা বিভ্ৰান্তিকৰ নথিপত্ৰ দাখিল কৰি দোষী সাব্যস্ত হয়, তেন্তে তেওঁলোকক নিষিদ্ধ (Debar) কৰা হ'ব।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা এই সংশোধনীয়ে ১৯৪৫ চনৰ ড্ৰাগছ ৰুলছৰ অধীনত শেহতীয়া বছৰবোৰৰ অন্যতম কঠোৰ নিয়ামক সংস্কাৰ হিচাপে পৰিগণিত হৈছে। বিগত বৰ্ষৰ অক্টোবৰ মাহত খচৰা নিয়ম প্ৰকাশ পোৱাৰ পিছত অংশীদাৰসকলৰ পৰা অহা মতামত আৰু পৰামৰ্শসমূহ ড্ৰাগছ টেকনিকেল এডভাইজৰী ব’ৰ্ডৰ সৈতে আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰে এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে।
ৰ্বৰ নিয়মত কি আছিল আৰু এতিয়া কি সলনি হ'ল?
এতিয়ালৈকে ভুৱা তথ্য দাখিল কৰা আবেদনকাৰীয়ে কেৱল আবেদন নাকচ হোৱা বা বৰ্তমানৰ লাইচেন্স বাতিল হোৱাৰ দৰে শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু এই নতুন সংশোধনীৰ জৰিয়তে এনে প্ৰতিষ্ঠানসমূহক নিৰ্দিষ্ট সময়ৰ বাবে সংশ্লিষ্ট লাইচেন্সিং কৰ্তৃপক্ষৰ ওচৰত (কেন্দ্ৰীয় বা সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ ওচৰত) নতুন আবেদন দাখিল কৰাৰ পৰাও সম্পূৰ্ণৰূপে বাৰণ বা নিষিদ্ধ কৰা হ’ব। এই নিষিদ্ধকৰণৰ ম্যাদ উলংঘনৰ প্ৰকৃতি আৰু গ্ৰ্যাভিটিৰ ওপৰত ভিত্তি কৰি লাইচেন্সিং কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিব।
চৰকাৰে স্পষ্ট কৰি দিছে যে এই কাৰ্য্যত কোনো ভক্ষকসুলভ বা খেয়ালখুচিৰ আশ্ৰয় লোৱা নহ'ব। কোনো নিষেধাজ্ঞা জাৰি কৰাৰ পূৰ্বে সংশ্লিষ্ট আবেদনকাৰীক কাৰণ দর্শোৱাৰ জাননী (Show-cause notice) দিয়া হ’ব আৰু কিয় এনে দণ্ডাত্মক ব্যৱস্থা গ্ৰহণ কৰা নহ'ব তাৰ উপযুক্ত উত্তৰ দিয়াৰ সুযোগ দিয়া হ’ব। লগতে, কোনো নিৰ্দেশ জাৰি কৰাৰ পূর্বে কৰ্তৃপক্ষই লিখিতভাৱে ইয়াৰ কাৰণ লিপিবদ্ধ কৰাটো বাধ্যতামূলক কৰা হৈছে।
আপীলৰ ব্যৱস্থা আৰু জবাবদিহিতা
নিষেধাজ্ঞাৰ নিৰ্দেশ লাভ কৰাৰ ৩০ দিনৰ ভিতৰত ক্ষতিগ্ৰস্ত আবেদনকাৰীয়ে সংশ্লিষ্ট চৰকাৰৰ ওচৰত আপীল কৰিব পাৰিব। আপীল কৰ্তৃপক্ষই তদন্ত চলাই আবেদনকাৰীক নিজৰ পক্ষ প্ৰকাশ কৰাৰ সুযোগ দি উপযুক্ত নিৰ্দেশ প্ৰদান কৰিব।
স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াৰ মতে, অনুমোদন প্ৰক্ৰিয়াৰ সময়ত ভুৱা বৈজ্ঞানিক তথ্য আৰু বিভ্ৰান্তিকৰ বিৱৰণ দাখিল কৰাৰ প্ৰৱণতা ৰোধ কৰাৰ উদ্দেশ্যে এই সংশোধনী অনা হৈছে। ঔষধৰ গুণগত মান, সুৰক্ষা আৰু কাৰ্যকাৰিতা নিশ্চিত কৰাৰ ক্ষেত্ৰত সঠিক বৈজ্ঞানিক তথ্যেই হৈছে মূল ভিত্তি। ভুৱা তথ্য দাখিলে সমগ্ৰ নিয়ামক প্ৰক্ৰিয়াটোৰ বিশ্বাসযোগ্যতাত আঘাত হানিব পাৰে আৰু জনস্বাস্থ্যৰ বাবে ডাঙৰ বিপদ মাতি আনিব পাৰে।
এই নতুন নিয়মসমূহৰ জৰিয়তে কেৱল আবেদনকাৰীয়ে নিজেই ভুৱা তথ্য দিয়াটোৱেই নহয়, বৰঞ্চ তেওঁলোকৰ হৈ কাম কৰা কোনো তৃতীয় পক্ষ বা পৰামৰ্শদাতাৰ দ্বাৰা দাখিল কৰা নথিপত্ৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। ইয়াৰ দ্বাৰা জবাবদিহিতা অধিক বহল কৰা হৈছে, যাতে কোনো কোম্পানীয়ে তৃতীয় পক্ষৰ ওপৰত দোষ চাপি দায়িত্বৰ পৰা হাত সৰিব নোৱাৰে। এই পদক্ষেপে ভাৰতৰ ফাৰ্মাচিউটিকেল খণ্ডক আন্তর্জাতিক মানদণ্ডৰ সৈতে খাপ খুৱাবলৈ আৰু দেশৰ চিকিৎসা বিজ্ঞানৰ নিয়ামক ব্যৱস্থাক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।