সাধাৰণতে জামুকোলি বা জামুন (Jamun) খোৱাৰ পিছত ইয়াৰ গুটিবোৰ আমি আৱৰ্জনা বুলি পেলাই দিওঁ। কিন্তু বৰ্তমান এক নতুন গৱেষণাত পোহৰলৈ আহিছে যে এই গুটিবোৰ কেৱল পেলনীয়া বস্তু নহয়, বৰঞ্চ এক আচৰিত স্বাস্থ্যকৰ তথা পুষ্টিকৰ খাদ্য। চম্বলপুৰ বিশ্ববিদ্যালয়ৰ খাদ্য প্ৰযুক্তি আৰু পুষ্টি বিজ্ঞান বিভাগৰ (PG Department of Food Technology and Nutrition) গৱেষকসকলৰ দ্বাৰা চলোৱা এক অধ্যয়নে জামুনৰ গুটিৰ ভিতৰত লুকুৱাই থকা অফুৰন্ত পুষ্টিগুণ আৰু ঔষধি গুণসমূহ দেশবাসীৰ সমুখলৈ আনিছে।
গৱেষণাৰ মুখ্য গবেষক আলিশা ধীৰৰ মতে, জামুনৰ গুটিত প্ৰচুৰ পৰিমাণে ডায়েটেৰী ফাইবাৰ (Dietary fiber), এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চি থাকে। ইয়াৰ চৰ্বিৰ পৰিমাণ অতি কম হোৱাৰ বাবে ইয়াক এক কাৰ্যকৰী খাদ্য (Functional food) হিচাপে ব্যৱহাৰ কৰিব পাৰি। পুষ্টিকৰ বিশ্লেষণত দেখা গৈছে যে প্ৰতি ১০০ গ্ৰাম জামুনৰ গুটিৰ গুড়াত প্ৰচুৰ ফাইবাৰ, ৫৮.০৯ শতাংশ ষ্টাৰ্চ, ২০.০৪ গ্ৰাম প্ৰ’টিন, ২.৯৮ গ্ৰাম চৰ্বি আৰু ২৪.৯৩ মিলি গ্ৰাম ভিটামিন চি থাকে। ইয়াৰোপৰি, গুটিবোৰত ৯২.০৫ শতাংশ ফেনলিক্স আৰু ১৭৬.৮৪ মিলি গ্ৰাম জি.এ.ই./জি ফ্ল’ভনইড উপস্থিত থাকে।
বিশেষজ্ঞসকলৰ মতে, জামুনৰ গুটিৰ গুড়াত থকা উচ্চ ফাইবাৰ আৰু কম চৰ্বিযুক্ত উপাদানে মানুহৰ শৰীৰৰ ৰক্ত শৰ্কৰা (Blood sugar) নিয়ন্ত্ৰণ কৰাত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰে। ডায়েবেটিছ ৰোগীসকলৰ বাবে ই এক মহৌষধৰ দৰে কাম কৰিব পাৰে।
ভিআইএমএছএআৰৰ (VIMSAR) সহকাৰী অধ্যাপক ড০ শংকৰ ৰামচান্দানীয়ে কয় যে জামুনৰ গুটিত থকা ফাইবাৰ আৰু অন্যান্য পুষ্টিকৰ উপাদানে কলেষ্ট্ৰেল হ্ৰাস কৰাত, কোষ্ঠকাঠিন্য দূৰ কৰাত আৰু ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অৱশ্যে, যিকোনো স্বাস্হ্যজনিত অৱস্থাত ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। গৱেষকসকলৰ মতে, জামুন গুটিৰ সঠিক ব্যৱহাৰে খাদ্য প্ৰক্ৰিয়াকৰণৰ আৱৰ্জনা হ্ৰাস কৰাৰ লগতে বহনক্ষম খাদ্য প্ৰণমালী গঢ়ি তোলাত নতুন সম্ভৱনাৰ দুৱাৰ মুকলি কৰিব।