নতুন দিল্লী: দেশত ঔষধৰ অপব্যৱহাৰ আৰু নিচাজাতীয় প্ৰভাৱ ৰোধ কৰাৰ লক্ষ্যৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। শেহতীয়াকৈ মন্ত্ৰালয়ে চাৰিবিধ গুৰুত্বপূৰ্ণ ঔষধক 'শ্যিডিউল H1' (Schedule H1)-ৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই তালিকাত অন্তৰ্ভুক্ত হ’বলগীয়া ঔষধকেইবিধ হ’ল— ফ্লুপেনটিজল (Flupentixol), জ’পিক্লন (Zopiclone), গাবাপেন্টিন (Gabapentin) আৰু কেৰিছ’প্ৰ’ডল (Carisoprodol)।

১৯৪৫ চনৰ ড্ৰাগছ ৰুলছৰ অধীনত 'শ্যিডিউল H1'ত থকা ঔষধসমূহৰ বিক্ৰী আৰু বিতৰণ প্ৰক্ৰিয়া অতি কঠোৰ। এই শ্ৰেণীত অন্তৰ্ভুক্ত ঔষধসমূহ কেৱল চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে বিক্ৰী কৰিব নোৱাৰিব আৰু ঔষধ বিক্ৰেতাসকলে ইয়াৰ বিক্ৰীৰ সম্পূৰ্ণ হিচাপ ৰখাটো বাধ্যতামূলক।

প্ৰস্তাৱিত এই চাৰিবিধ ঔষধ বিভিন্ন শাৰীৰিক আৰু মানসিক সমস্যাৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ইয়াৰে ফ্লুপেনটিজল এক এণ্টি-চাইকোটিক দৰব, জ’পিক্লন অনিদ্ৰাৰ চিকিৎসাৰ বাবে ব্যৱহৃত হয়, গাবাপেন্টিন স্নায়বিক বিষ আৰু মৃগী ৰোগৰ বাবে, আৰু কেৰিছ’প্ৰ’ডল মাংসপেশীৰ শিথিলতাৰ বাবে ব্যৱহাৰ কৰা হয়। ঔষধসমূহৰ অপব্যৱহাৰ আৰু নিৰ্ভৰশীলতা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা খচৰা অধিসূচনা অনুসৰি, এই প্ৰস্তাৱ সন্দৰ্ভত কোনো আপত্তি বা পৰামৰ্শ থাকিলে সাধাৰণ ৰাইজ তথা সংশ্লিষ্ট পক্ষসমূহে ৩০ দিনৰ ভিতৰত জনোৱাৰ বাবে আহ্বান জনাইছে। ১৯ আগষ্টত জাৰি কৰা এই অধিসূচনাৰ পিছত চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। উল্লেখ্য যে, চূড়ান্ত অধিসূচনা জাৰি হোৱাৰ ১৮০ দিনৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ’ব। মন কৰিবলগীয়া যে, যোৱা মে' মাহত চৰকাৰে প্ৰিগাবালিন (Pregabalin)-ক একেধৰণে H1 শ্যিডিউলৰ অন্তৰ্ভুক্ত কৰিছিল।