বেংগালুৰু: স্বাস্থ্যসেৱা, সমাজ কল্যাণ আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবে ‘ভিয়াশ চাইন্টিকেভক লিমিটেড’ক ১৩ সংখ্যক চিএছআৰ (CSR) আৰু বহনক্ষমতাৰ ৰাষ্ট্ৰীয় উৎকৃষ্টতা বঁটাৰে সন্মানিত কৰা হৈছে। শুক্ৰবাৰে বেংগালুৰুত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কোম্পানীটোৰ শীৰ্ষ কর্মকর্তা যথাক্ৰমে ভ্ৰূচ-প্ৰেচিডেণ্ট শৰৎ কনেৰু, এছ’চিয়েট ভ্ৰূচ-প্ৰেচিডেণ্ট গংগাধৰ, জেনেৰেল মেনেজাৰ নৰেন্দ্ৰ কুমাৰ আৰু অচ্যুত কোডালীয়ে এই বঁটা গ্ৰহণ কৰে।
অনুষ্ঠানত বক্তব্য ৰাখি অচ্যুত কোডালীয়ে কয় যে কোম্পানীটোৰ সামাজিক দায়বদ্ধতাৰ মূল লক্ষ্য হৈছে বিশেষকৈ পিছপৰা আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ জীৱনৰ মান উন্নত কৰা।
আনহাতে, শৰৎ কনেৰুৱে কয় যে তেওঁলোকৰ উদ্দেশ্য কেৱল কম দিনীয়া বা সাময়িক সাহায্য আগবঢ়োৱাই নহয়, বৰং দীৰ্ঘম্যাদী আৰু স্থায়ী কল্যাণ সাধন কৰা।
উল্লেখযোগ্য যে, ভিয়াশ চাইন্টিকেভক লিমিটেডে ফাৰ্মাচিউটিকেল খণ্ডত সক্ৰিয়ভাৱে কাম কৰি আহিছে। আলভিৰা এনিমেল হেল্থ, চাইমেড লেবছ আৰু ভিয়াশ লাইফ ছায়েন্সৰ দৰে গ্ৰুপ কোম্পানীসমূহৰ জৰিয়তে দেশৰ ঘৰুৱা বজাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সেৱা আগবঢ়াই আহিছে কোম্পানীটোৱে। মানদণ্ড বজাই ৰখা, নিয়মীয়া অনুশাসন, বহনক্ষমতা আৰু নৈতিক ব্যবসায়িক নীতি তেওঁলোকৰ কাৰ্যপন্থাৰ মূল অংগ বুলি প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে।
বেংগালুৰুৰ এক ব্যক্তিগত হোটেলত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত কৃত্রিম বুদ্ধিমত্তা (AI), কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তন আৰু স্বাস্থ্যসেৱাৰ ভৱিষ্যতৰ ওপৰতো বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। এই অনুষ্ঠানত দেশ-বিদেশৰ বহু গণ্যমান্য ব্যক্তি আৰু উদ্যোগপতি উপস্থিত আছিল।