চমোলি: উত্তৰাখণ্ডৰ চমোলি জিলাৰ পিপালকোটীত সংঘটিত হোৱা এক ভয়ংকৰ সুৰংগ দুৰ্ঘটনাৰ পাছত আজিও উদ্ধাৰকাৰ্য অব্যাহত আছে। যোৱা ১৩ আগষ্টত নিৰ্মাণাধীন টিএইচডিচি (THDC) ইণ্ডিয়া লিমিটেডৰ সুৰংগত হোৱা এই দুৰ্ঘটনাৰ পাছত দুজন শ্ৰমিক এতিয়াও সন্ধানহীন হৈ আছে।

চমোলি জিলা প্ৰশাসনে জনোৱা মতে, এনডিআৰএফ (NDRF), এছডিআৰএফ (SDRF), আইটিবিপি (ITBP) আৰু স্থানীয় আৰক্ষীৰ এক যুটীয়া দলে অহৰ্নিহে উদ্ধাৰ অভিযান চলাই আছে। সুৰংগৰ ভিতৰত জমা হোৱা বোকা আৰু পানীয়ে উদ্ধাৰকাৰী দলৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে যদিও পাম্পৰ সহায়ত নিৰন্তৰ পানী নিষ্কাশন কৰা হৈছে।

জিলা তথ্য বিষয়া ধীৰাজ কাৰ্কিয়ে প্ৰকাশ কৰা অনুসৰি, দুৰ্ঘটনাটোৰ সময়ত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ পৰা পাঁচখন জেচিবি মেচিনৰ ভিতৰত তিনিখন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। এই মেচিনসমূহ উদ্ধাৰ হোৱাৰ ফলত সন্ধানহীন শ্ৰমিকসকলৰ ওচৰলৈ যোৱাৰ পথ কিছু পৰিমাণে সহজ হৈ পৰিছে বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, যোৱা ১৩ আগষ্টৰ সন্ধিয়া ভূমি স্খলনৰ ফলত সুৰংগটোৰ ভিতৰলৈ বৃহৎ পৰিমাণৰ পানী আৰু ধ্বংসাৱশেষ সোমাই পৰিছিল। এই ঘটনাত এতিয়ালৈকে আঠজন শ্ৰমিকে প্ৰাণ হেৰুৱাইছে। সন্ধানহীন শ্ৰমিক দুজনৰ পৰিচয় ঝাৰখণ্ডৰ লুকাস টপন' আৰু চত্তীশগড়ৰ চেতন পোয়াম হিচাপে চিনাক্ত কৰা হৈছে। উদ্ধাৰকাৰী দলে যুদ্ধকালীন তৎপৰতাৰে অভিযান চলাই নিৰুদ্দেশ হোৱা শ্ৰমিক দুজনক বিচাৰি উলিয়াবলৈ আপ্রাণ চেষ্টা অব্যাহত ৰাখিছে।