ছিন্দৱাৰা, ২২ আগষ্ট: মধ্যপ্ৰদেশৰ ছিন্দৱাৰা জিলা চিকিৎসালয়ত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন। শুকুৰবাৰৰ মাজনিশা প্ৰায় ২ বজাত চিকিৎসালয়খনৰ নৱজাতক নিবিড় পৰিচৰ্যা কেন্দ্ৰ (NICU) থকা এটা ৱাৰ্মাৰ মেচিনত হঠাতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। এই দুৰ্ঘটনাটোত ৱাৰ্মাৰৰ ভিতৰত থকা তিনিটা নৱজাত শিশু গুৰুতৰভাৱে দগ্ধ হয়।
চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নৱজাতক জন্মৰ পাছত শৰীৰৰ উষ্ণতা স্বাভাৱিক অৱস্থাত ৰাখিবলৈ এই ৱাৰ্মাৰ মেচিনত ৰখা হৈছিল। অৱশ্যে ৰাতি হঠাতে ৱাৰ্মাৰৰ হিটিং ইউনিটত জুই লগাৰ ফলত এই অঘটনটো ঘটে। অগ্নিকাণ্ডৰ লগে লগে চিকিৎসালয়ত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছসকলে ততাতৈয়াকৈ শিশুকেইটিক উদ্ধাৰ কৰে। অৱশ্যে শিশুকেইটিৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁলোকক জবলপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসকে জনোৱা মতে, আহত শিশুকেইটিৰ ভিতৰত এটিৰ অৱস্থা অতি সংকটজনক।
জিলা চিকিৎসালয়ৰ চিভিল চাৰ্জন কাঞ্চন ডুবেয়ে ঘটনা সন্দৰ্ভত কয় যে সম্ভৱতঃ কোনো কাৰিকৰিক বিজুটি বা শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হৈছে। চিকিৎসালয় পৰিচালনা সমিতিয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, একেখন ৰাজ্যৰ ভূপালৰ বিদ্যানগৰস্থিত দীপশিখা চিকিৎসালয়তো শুকুৰবাৰে নিশা আন এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অৱশ্যে তাত কোনো লোক হতাহত হোৱা নাই বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।