বিশ্বজুৰি খোৱাপানীৰ ভয়ংকৰ সংকট
ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি পৃথিৱীৰ পৃষ্ঠভাগৰ ৭১ শতাংশ অংশ পানীৰে আৱূৰা যদিও ইয়াৰ মাত্ৰ ২.৫ শতাংশহে খোৱাৰ বাবে উপযোগী। তাৰো এক বৃহৎ অংশ হিমবাহ হিচাপে জমা হৈ থকাত প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰা সম্ভৱ নহয়। বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে বিশ্বৰ প্ৰায় ২.১ বিলিয়ন (২১০ কোটি) লোকে খোৱাৰ বাবে পৰ্যাপ্ত আৰু নিৰাপদ পানী লাভ কৰা নাই। বিশ্বৰ প্ৰায় ৪৮খন দেশত পানীৰ গুণাগুণ অত্যন্ত বেয়া অৱস্থাত আছে।
শিশু স্বাস্থ্যৰ বাবে মাৰাত্মক দূষিত পানী
প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে দূষিত পানী সেৱন বিশ্বজুৰি শিশু মৃত্যুৰ অন্যতম প্ৰধান কাৰণ। পানীৰ গুণাগুণ উন্নত কৰিব পৰা গ'লে প্ৰায় ২৫ শতাংশ শিশুৰ প্ৰাণ ৰক্ষা কৰিব পাৰি হ'লহেঁতেন। লেতেৰা বা সংক্ৰমিত পানী খোৱাৰ ফলত নৱজাতক আৰু সৰু শিশুসকল অতি সোনকালে দুৰ্বল হৈ পৰে আৰু তেওঁলোকৰ মগজুৰ বিকাশতো ইয়াৰ কু-প্ৰভাৱ পৰে। ইয়াৰোপৰি, ইয়াৰ চিকিৎসাৰ নামত মানুহৰ উপাৰ্জনৰ এটা বৃহৎ অংশ খৰচ হৈ পৰিয়ালসমূহ আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছে।
ভাৰত আৰু বাংলাদেশৰ পানীত আৰ্ছেনিকৰ মাত্ৰা অধিক
বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি খোৱাপানীত থকা আৰ্ছেনিক আৰু ফ্ল’ৰাইডৰ দৰে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই মানুহৰ স্বাস্থ্যৰ বাবে মাৰাত্মক বিপদ মাটি আনিছে। ভাৰত আৰু বাংলাদেশৰ পানীত আৰ্ছেনিকৰ মাত্ৰা অতিমাত্ৰা বেছি পোৱা গৈছে। এই দেশ দুখনৰ এক বিশাল জনসংখ্যা খোৱাপানীত থকা বিষাক্ত আৰ্ছেনিকৰ দ্বাৰা প্ৰভাৱিত হৈছে। ইফালে, চুবুৰীয়া দেশ নেপালতো বিশুদ্ধ পানীৰ সংকট অতি গভীৰ। যদিও নেপালৰ ৭৯ শতাংশ লোকৰ পানীৰ উৎসৰ লগত সংযোগ আছে, তথাপি ইয়াৰ মাত্ৰ ১৬ শতাংশ পানীহে সম্পূৰ্ণ বিশুদ্ধ বুলি প্ৰমাণিত হৈছে।
গ্ৰাম্য আৰু চহৰ অঞ্চলৰ তুলনা
শেহতীয়া বছৰবোৰত গ্ৰাম্য অঞ্চলত পৰিস্থিতি কিছু সলনি হৈছে। ভাৰতত চলোৱা "জল জীবন মিছন" বা "হৰ ঘৰ জল" আঁচনিৰ জৰিয়তে গ্ৰাম্য অঞ্চলত আগতকৈ অধিক পৰিমাণে চাফা পানী যোগান ধৰা হৈছে। বিশ্বজুৰি গ্ৰাম্য অঞ্চলত বিশুদ্ধ পানী পোৱাৰ হাৰ ২০০০ চনৰ ৪৭ শতাংশৰ পৰা বৃদ্ধি পাই ২০২৪ চনত ৬০ শতাংশ হৈছেহি। আনহাতে, চহৰ অঞ্চলত ২০০০ চনৰ পৰা ২০২৪ চনলৈকে এই হাৰ প্ৰায় ৮৩ শতাংশতেই স্থিৰ হৈ আছে।
চলতি মাহৰ ২৩ আগষ্টৰ পৰা ছুইডেনত আৰম্ভ হ'বলগীয়া বিশ্ব জল সপ্তাহৰ পূৰ্বে বিশ্ব বেংকৰ এই প্ৰতিবেদনে সমগ্ৰ বিশ্বৰ চৰকাৰ আৰু নীতি নিৰ্ধাৰকসকলক জল সংকটৰ বিৰুদ্ধে ত্বৰান্বিত পদক্ষেপ গ্ৰহণ কৰিবলৈ নতুনকৈ সতৰ্ক কৰি দিছে।