জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। কুলগাম জিলাৰ কাজিগুণ্ডৰ লেভডুৰা এলেকাত চিআৰপিএফৰ এটা মিনি-ট্ৰাক আৰু এখন ট্ৰাকৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত কমেও সাতজন লোক আহত হৈছে।
আহতসকলৰ ভিতৰত পাঁচজন চিআৰপিএফ জোৱান আৰু ট্ৰাকখনৰ চালক তথা হেণ্ডিমেনো অন্তৰ্ভুক্ত। আহত চিআৰপিএফ জোৱানসকলক ইনস্পেক্টৰ ৰাজকুমাৰ তিৱাৰী, এছআই/জিডি ৰাজিন্দৰ সিঙ, এএছআই/জিডি লাভেনডে, এএছআই/জিডি উমেশ কুমাৰ আৰু হেড কনষ্টেবল ড্ৰাইভাৰ বীৰেন্দ্ৰ সিঙ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ পিছতে তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে জনোৱা অনুসৰি বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।