নতুনদিল্লী: মহাৰাষ্ট্ৰ খাদ্য আৰু ঔষধ প্ৰশাসন (FDA) বিভাগৰ দ্বাৰা বলীউডৰ তাৰকাসকললৈ জাৰি কৰা জাননীৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত একোড ধাক্কা খালে 'বিমল ইলাইচি'ৰ নিৰ্মাতা কোম্পানী PB Agro LLP। সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কোম্পানীটোৱে দাখিল কৰা আৱেদনখন খাৰিজ কৰে। আদালতে স্পষ্ট কৰি দিয়ে যে এই গোচৰৰ বিচাৰ কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ আঞ্চলিক এক্তিয়াৰ বা অধিসীমা নাই।

বিচাৰপতি স্বৰণা কান্তা শৰ্মাই তেওঁৰ ৰায়ত কয় যে, মহাৰাষ্ট্ৰৰ কৰ্তৃপক্ষই জাৰি কৰা জাননীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ বাবে মহাৰাষ্ট্ৰৰ আদালতসমূহেই হৈছে আটাইতকৈ উপযুক্ত আৰু সুবিধাৰ ফ’ৰাম। ফ’ৰাম কনভেনিয়েন্স (forum conveniens) নীতি অনুসৰি এই আবেদনখন দিল্লীত গ্ৰহণযোগ্য নহয় বুলি আদালতে মত প্ৰকাশ কৰে।

প্ৰসংগ কি আছিল?

মহাৰাষ্ট্ৰ FDA-য়ে ব্ৰেণ্ডৰ প্ৰচাৰক তথা অভিনেতা শ্বাহৰুখ খান, অজয় দেৱগণ আৰু টাইগাৰ শ্ৰফক যোৱা ১১ আগষ্টত কাৰণদৰ্শোৱা জাননী জাৰি কৰিছিল। মহাৰাষ্ট্ৰত নিষিদ্ধ হৈ থকা 'বিমল পানমছালা'ৰ পৰোক্ষ প্ৰচাৰ (Surrogate Advertising) ইলাইচিৰ বিজ্ঞাপনৰ জৰিয়তে চলোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰি FDA-য়ে এই জাননী প্ৰেৰণ কৰিছিল। লগতে, এই বিজ্ঞাপনসমূহ তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আৰু সামাজিক মাধ্যমত থকা প্ৰচাৰমূলক সামগ্ৰী আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছিল।

কোম্পানীটোৰ তৰফৰ পৰা যুক্তি দিয়া হৈছিল যে বিজ্ঞাপনৰ বাবে তেওঁলোকে খ্যাতিসম্পন্ন অভিনেতাৰ সেৱা লৈছে আৰু বিজ্ঞাপনবোৰ সকলো আইন মানি চলিহে তৈয়াৰ কৰা হৈছে। ইয়াৰোপৰি, মহাৰাষ্ট্ৰ FDA-য়ে প্ৰত্যক্ষভাৱে কোম্পটীক নজনাই কেৱল অভিনেতাসকলকহে জাননী পঠিওৱা বুলিও আৱেদনত উল্লেখ কৰা হৈছিল।

আদালতে সকলো পক্ষৰ যুক্তি শুনি কয় যে আবেদনকাৰীয়ে দিল্লীৰ সৈতে এই গোচৰৰ কোনো প্ৰধান বা গুৰুত্বপূৰ্ণ সম্পৰ্ক বা কাৰণ (Cause of action) প্ৰতিষ্ঠা কৰাত ব্যৰ্থ হৈছে। পঞ্জীভুক্ত কাৰ্যালয় দিল্লীত থকা বা মুম্বাইলৈ টকা পঠোৱাৰ ঘটনাই দিল্লী আদালতক এক্তিয়াৰ নিদিয়ে বুলি উল্লেখ কৰি আদালতে আৱেদনখন খাৰিজ কৰে। অৱশ্যে, এই ৰায়ে মূল গোচৰৰ গুণাগুণ বা মেৰিটৰ ওপৰত কোনো প্রভাব নেপেলায় বুলিও আদালতে স্পষ্ট কৰি দিয়ে