ধৰমশালা: বৰ্তমানৰ স্মাৰ্টফোন আৰু ইণ্টাৰনেটৰ যুগত ম’বাইল ফোনৰ আসক্তি কিমান ভয়ংকৰ হ’ব পাৰে, তাৰ এক মৰ্মান্তিক উদাহৰণ পোহৰলৈ আহিছে হিমাচল প্ৰদেশৰ ধৰমশালাৰ খনিয়াৰা অঞ্চলত। ম’বাইলত গেম খেলিবলৈ নিদিয়াৰ বাবেই ১৪ বছৰীয়া এজন কিশোৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰি অকাল মৃত্যুক সাৱটি লয়।
প্ৰাপ্ত তথ্য অনুসৰি, কিশোৰজনে বাৰে বাৰে ম’বাইলটো বিচাৰি মাতৃৰ ওচৰত হেঁচা দিছিল। কিন্তু মাতৃয়ে ম’বাইলটো নিদিয়াত কিশোৰজন ক্ষুণ্ণ হৈ নিজৰ কোঠালৈ গৈ সোমাই পৰে। পৰৱৰ্তী সময়ত পৰিয়ালৰ আন এগৰাকী সদস্যই (ভনীয়েক) কিশোৰজনক অৱচেতন অৱস্থাত প্ৰত্যক্ষ কৰে। ততাতৈয়াকৈ পৰিয়ালৰ লোকে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ব্যৱস্থা কৰে যদিও তেওঁক বচাব পৰা নগ’ল।
এই কৰুণ ঘটনাৰ পাছতে মৃতকৰ পিতৃ-মাতৃয়ে শোক প্ৰকাশ কৰি সমগ্ৰ অভিভাৱক সমাজক এক গুৰুত্বপূৰ্ণ আহ্বান জনায়। তেওঁলোকে কয়, "সন্তানক ম’বাইল ফোন আৰু গেমিং আসক্তিৰ পৰা আঁতৰাই ৰাখক।" লগতে বিদ্যালয়সমূহক পাঠ্যক্ৰমৰ বাহিৰেও ম’বাইলৰ অপকাৰিতাৰ বিষয়ে শিশুসকলক সজাগ কৰিবলৈ তেওঁলোকে অনুৰোধ জনায়। জিলা আয়ুক্ত হেমৰাজ বৈৰৱাইও এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি সমাজ আৰু অভিভাৱকসকলক শিশুৰ সুৰক্ষাৰ বাবে একত্ৰিত হৈ কাম কৰিবলৈ আহ্বান জনাইছে।