নতুন দিল্লী: শিক্ষাৰ্থী সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদ আৰু দেশজুৰি সৃষ্টি হোৱা চাপৰ ওচৰত অৱশেষত সেও মানিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। শনিবাৰে নিজৰ পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে মন্ত্ৰীগৰাকীয়ে। দিল্লীৰ যন্তৰ-মন্তৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত 'ক'কৰোচ্ছ জনতা পাৰ্টী' আৰু শিক্ষাৰ্থীসকলে শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰিছিল।

শনিবাৰে সামাজিক মাধ্যম ‘এক্স’ (পূৰ্বৰ টুইটাৰ)ৰ জৰিয়তে পদত্যাগ পত্ৰখন প্ৰকাশ কৰি ধৰ্মেন্দ্ৰ প্ৰধানে লিখে, "চাৰি দশকৰো অধিক সময় ধৰি মই ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু শিক্ষা সংস্কাৰৰ সৈতে জড়িত হৈ আহিছো। মই সদায় বিশ্বাস কৰো যে এটা শক্তিশালী আৰু বৈষম্যহীন শিক্ষা ব্যৱস্থাই হ'ল জাতি নিৰ্মাণৰ মূল আধাৰ। দেশৰ যুৱ প্ৰজন্মৰ আশা-আকাংক্ষা আৰু আৱেগক মই সদায় গভীৰ সন্মানেৰে চাওঁ।


‘পৰীক্ষা মাফিয়া’ক লৈ উদ্বেগ প্রকাশ:

পদত্যাগ পত্ৰত তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০ লাখতকৈও অধিক শিক্ষাৰ্থীৰ পৰীক্ষা সুকলমে পৰিচালনা কৰাটোৱেই আছিল চৰকাৰৰ মুখ্য অগ্ৰাধিকাৰ। গোটেই প্ৰক্ৰিয়াটোত তেওঁ ব্যৱস্থাটোৰ সম্পূৰ্ণ দায়িত্ব কান্ধত লৈছিল বুলি দাবী কৰে।

নিট-ইউজি (NEET-UG) পৰীক্ষাৰ ফলাফলক লৈ সৃষ্টি হোৱা বিতৰ্কৰ প্ৰসংগত তেওঁ কয়, "১৬ জুলাইত প্ৰকাশ পোৱা নীট-ইউজিৰ ফলাফল সন্তোষজনক আছিল যদিও এই সমগ্ৰ সময়ছোৱাত দায়িত্বশীল পদত থকা কিছুসংখ্যক ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল। কোনো মেধাবী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত যাতে ‘পৰীক্ষা মাফিয়া’ৰ হাতত নষ্ট নহয়, তাৰ বাবে মই সংকল্পবদ্ধ আছিলো।"

শিক্ষাৰ্থীৰ ভৱিষ্যতৰ দিশলৈ চাই পদত্যাগৰ সিদ্ধান্ত:

যোৱা ১০ দিনৰ পৰিস্থিতিয়ে তেওঁক মৰ্মাহত কৰা বুলি প্ৰকাশ কৰি প্ৰধানে কয় যে দেশৰ যুৱ শক্তিক কোনো বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিব নোৱাৰি। যন্তৰ-মন্তৰত চলি থকা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত কোনো এজন ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত যাতে আইনী জটিলতাত আবদ্ধ হৈ নাথাকে, তাৰ বাবেই তেওঁ প্ৰধানমন্ত্ৰীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰাৰ সিদ্ধান্ত লয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সময়ছোৱাত আগবঢ়োৱা দিহা-পৰামৰ্শ, বিশ্বাস আৰু সহযোগিতাৰ বাবেও পদত্যাগ পত্ৰত তেওঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।