নতুনদিল্লী: দেশজুৰি অব্যাহত থকা তীব্ৰ প্ৰতিবাদ আৰু NEET প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ছাত্ৰ সমাজৰ দাবীৰ ওচৰত সেও মানিবলৈ বাধ্য হয়। শনিবাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ পদৰ পৰা পদত্যাগ পত্ৰ প্ৰধানমন্ত্ৰীৰ হাতত অৰ্পণ কৰে।
ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰত বিগত কেইবাদিনো ধৰি ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন সংগঠনে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আন্দোলন গঢ়ি তুলিছিল। প্ৰশ্নকাকত ফাদিলৰ অনিয়মক লৈ কেৱল দিল্লীতে নহয়, দেশৰ বিভিন্ন প্ৰান্তত এই প্ৰতিবাদে ভয়ানক ৰূপ লৈছিল। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰু দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ তেওঁ এই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।
পদত্যাগ পত্ৰত ধৰ্মেন্দ্ৰ প্ৰধানে উল্লেখ কৰে যে চাৰি দশকৰো অধিক সময় ধৰি তেওঁ শিক্ষা সংস্কাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে কাম কৰি আহিছে। দেশৰ বিৰোধী বা দেশবিৰোধী শক্তিসমূহ যাতে এই পৰিস্থিতিৰ সুযোগ ল’ব নোৱাৰে আৰু কোনো ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ আইনগত জটিলতাত আবদ্ধ হৈ নাযায়, সেই কথা চিন্তা কৰিয়েই তেওঁ এই সিদ্ধান্ত লৈছে।
ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত এক বিজ্ঞাপ্তিত জনোৱা হয় যে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শমর্মে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। ইয়াৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰী প্ৰল্লাদ যোশীলৈ নতুন শিক্ষামন্ত্ৰীৰ দায়িত্বভাৰ অর্পণ কৰা হৈছে। এই পদত্যাগৰ পিছতে প্ৰতিবাদস্থলী যন্তৰ-মন্তৰত আন্দোলনকাৰীসকলৰ মাজত আনন্দৰ জোৱাৰ উঠে।