কি এই ফাৰ্ষ্ট নাইট ইফেক্ট?
গৱেষকসকলৰ মতে, যেতিয়া আমি কোনো অচিনাকি পৰিৱেশলৈ যাওঁ, তেতিয়া আমাৰ মগজুৱে সম্পূৰ্ণৰূপে জিণি যাব নোৱাৰে। ছুইজাৰলেণ্ডৰ ফ্ৰীবাৰ্গ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ টোপনি গৱেষক আনা উইকৰ (Anna Wick) মতে, অচিনাকি পৰিৱেশত মগজুৱে এক প্ৰকাৰৰ নিৰাপত্তাৰক্ষীৰ দৰে কাম কৰে। মগজুৰ এটা অংশ জাগৰুক হৈ থাকে যাতে কোনো বিপদৰ আগজাননী পালে তৎক্ষণাত সজাগ হ'ব পাৰি।
পিটচবাৰ্গ বিশ্ববিদ্যালয়ৰ চাইকিয়াট্ৰিৰ প্ৰফেচাৰ আহমেদ মায়েলীয়ে কয় যে আমাৰ আদিম যুগৰ প্ৰবৃত্তিৰ বাবে এতিয়াও মগজুৱে অচিনাকি ঠাইলৈ গ'লে শতৰ্ক হৈ পৰে। ইতিহাসৰ সাক্ষী যে আদিম যুগৰ মানুহৰ বাবে অচিনাকি ঠাই আছিল আটাইতকৈ বিপদজনক। সেয়েহে, লাক্সাৰী হোটেলৰ বিছনা হ'লেও মগজুৱে তাক সম্পূৰ্ণ নিৰাপদ বুলি বিশ্বাস কৰিব নোখোজে।
কাৰ ওপৰত কি প্ৰভাৱ পৰে?
গভীর টোপনিৰ অভাৱ: সাধাৰণতে নতুন ঠাইত মানুহে ২০ৰ পৰা ৩০ মিনিট কম টোপনি যায় আৰু টোপনিৰ গভীৰতাও কমি যায়।
বয়সৰ প্ৰভাৱ: শিশু, কিশোৰ আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত এই সমস্যাটো অধিক দেখা যায়। বিপৰীতে ২০ বছৰীয়া যুৱক-যুৱতীসকল ইয়াৰ দ্বাৰা আটাইতকৈ কম প্ৰভাৱিত হয়।
এই সমস্যাৰ পৰা মুক্তি পোৱাৰ উপায় কি?
টোপনি বিশেষজ্ঞসকলে এই সমস্যাৰ পৰা হাত সাৰিবলৈ কিছুমান সহজ উপায় দিছে:
নিজৰ সামগ্ৰী লগত ৰাখক: যাত্ৰা কৰোঁতে নিজৰ চিনাকি গাৰু বা চাদৰ লগত লৈ যাব পাৰে, যিয়ে মগজুক চিনাকি পৰিৱেশৰ অনুভৱ দিয়ে।
ৰূমৰ পৰিৱেশ অনুকূল কৰক: ৰূমৰ লাইট বন্ধ কৰি অন্ধকাৰ কৰি লওক আৰু পৰ্যাপ্ত ঠাণ্ডা বা আৰামদায়ক উত্তাপ বজাই ৰাখক।
প্ৰাক-নিদ্ৰা অভ্য়াস (Bedtime Routine): শোৱাৰ আগতে কিতাপ পঢ়া, শান্ত সংগীত শুনা বা দীঘল উশাহ লোৱাৰ অভ্যাস কৰক।
এদিন আগতে উপস্থিত হওক: যদি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কাম বা মিটিং থাকে, তেন্তে তাৰ এদিন আগতে গৈ সেই ঠাইখনৰ লগত পৰিচিত হৈ লোৱাটো বুদ্ধিমানৰ কাম হ’ব।