ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী: স্কটলেণ্ডৰ গ্লাছগ’ চহৰত অনুষ্ঠিত হৈ থকা ‘কমনৱেলথ গেমছ ২০২৬’ত অসমৰ ক্ৰীড়া জগতৰ বাবে আন এক সুখবৰ। তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু লন বল খেলুৱৈ নয়নমণি শইকীয়াৰ জিলিকি উঠাৰ পিছতেই এইবাৰ দেশলৈ গৌৰৱ কাঢ়ি আনিলে আন এগৰাকী অসমীয়া খেলুৱৈ পুতুল সোণোৱালে।

লন বলৰ পুৰুষৰ একক শাখাত পুতুল সোণোৱালে ২০২৩ চনৰ বিশ্ব চেম্পিয়ন খেলুৱৈগৰাকীক আকৰ্ষণীয়ভাৱে পৰাজিত কৰি বিশ্ব ক্ৰীড়ামঞ্চত বিশেষ চৰ্চালৈ আহিছে। অসমৰ খেলুৱৈগৰাকীৰ এই অভূতপূৰ্ব সাফল্যই এতিয়া উৎসাহিত কৰি তুলিছে দেশৰ ক্ৰীড়ামোদীসকলক।

মুখ্যমন্ত্ৰীৰ অভিনন্দন: অসমৰ খেলুৱৈগৰাকীৰ এই বিজয়ৰ পিছতেই সামাজিক মাধ্যম ‘এক্স’ (X)-ত এক বাৰ্তাযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুতুল সোণোৱালক বিশেষ অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে যে এজন প্ৰাক্তন বিশ্ব চেম্পিয়নক পৰাজিত কৰাটো কোনো সহজ কথা নহয়। ইয়াৰ উপৰিও, সমগ্ৰ ৰাষ্ট্ৰই তেওঁৰ সৈতে আছে বুলি উল্লেখ কৰি প্ৰতিযোগিতাখনৰ আগন্তুক মেচসমূহৰ বাবে খেলুৱৈগৰাকীক শুভকামনা জনায়।

স্কটলেণ্ডৰ গ্লাছগ’ চহৰত অনুষ্ঠিত হৈ থকা ‘কমনৱেলথ গেমছ ২০২৬’ত অসমৰ ক্ৰীড়া জগতৰ বাবে আন এক সুখবৰ। তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু লন বল খেলুৱৈ নয়নমণি শইকীয়াৰ জিলিকি উঠাৰ পিছতেই এইবাৰ দেশলৈ গৌৰৱ কাঢ়ি আনিলে আন এগৰাকী অসমীয়া খেলুৱৈ পুতুল সোণোৱালে।