নতুন দিল্লী: দেশৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ বিষয়াসকলে চলিত সপ্তাহৰ শেষৰফালে ছ'চিয়েল মিডিয়া জায়েন্ট মেটাৰ (Meta) প্ৰতিনিধি দলটোক পুনৰ সাক্ষাৎ কৰিব। এই সাক্ষাতৰ সময়ত শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ সামগ্ৰী (CSAM) আৰু ভুৱা তথা ক্ষতিকাৰক বিষয়বস্তু আঁতৰোৱাৰ পিছতো পুনৰ প্ৰচলন হোৱাৰ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰা হ'ব।
যোৱা সপ্তাহত কেন্দ্ৰীয় চৰকাৰ আৰু মেটাৰ মাজত একেৰাহে তিনিদিন ধৰি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ ভিতৰত তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মেটাৰ গ্ল'বেল দলটোক তীব্ৰ প্ৰশ্নবাণেৰে ফ্লে'ৰুৱা কৰিছিল। ইয়াৰ পিছত শুকুৰবাৰে অনুষ্ঠিত কাৰিকৰী পৰ্যায়ৰ আলোচনাত মেটাই তেওঁলোকৰ প্লেটফৰ্মত ডিপফেক (Deepfakes), শিশু যৌন নিৰ্যাতনৰ সামগ্ৰী আৰু লেবেলবিহীন কৃত্ৰিম বুদ্ধিমত্তা (AI) সমল নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা সম্পৰ্কে বিতংভাৱে অৱগত কৰিছিল। চৰকাৰে মেটাক নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰি তাৰ ফলাফলৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।
একাংশ সূত্ৰৰ মতে, এআইৰ দ্বাৰা সৃষ্টি কৰা ক্ষতিকাৰক বিষয়বস্তুসমূহ ফ্ল্যাগ কৰাৰ পিছতো পুনৰ ভাইৰেল হোৱা বিষয়টো শুকুৰবাৰৰ বৈঠকত বিশেষভাৱে উত্থাপন হৈছিল। তথ্য প্ৰযুক্তি আইনৰ নিয়ম অনুসৰি এআই-জেনৰেটেড কণ্টেণ্টসমূহ চিনাক্ত কৰি সঠিক লেবেল লগোৱাৰ কথা থকাৰ পিছতো কিয় লেবেলবিহীন ভিডিঅ' প্লেটফৰ্মসমূহত দৃশ্যমান হৈ থাকে, সেই লৈও চৰকাৰে প্ৰশ্ন উত্থাপন কৰে। তদুপৰি, ভাৰতীয় ভাষা আৰু স্থানীয় সূক্ষ্মতাৰ প্ৰতি লক্ষ্য ৰাখি কণ্টেষ্ট মডাৰেচনত মানৱ তদাৰক (Human oversight) বৃদ্ধি কৰিবলৈকো চৰকাৰে মেটাক নির্দেশ দিয়ে।