উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে। ইকোটেক-৩ ঔদ্যোগিক অঞ্চলত থকা এটা ইলেক্ট্ৰনিক চিপ নিৰ্মাণকাৰী কাৰখানাত (ILGIM Company) নিশা হোৱা এক ভয়ংকৰ অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ গৈ কৰ্তব্যৰত অৱস্থাত দুজন অগ্নিদমন কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে। এই দুৰ্ঘটনাটোত আন তিনিজন কৰ্মী গুৰুতৰভাৱে আহত হয়।
পুলিচ আৰু অগ্নিদমন বাহিনীৰ সূত্ৰে প্ৰকাশ পোৱা মতে, সোমবাৰে নিশা প্ৰায় ৩ বজাত কাৰখানাটোত হঠাতে জুই লাগি সম্পূৰ্ণ অংশলৈ বিয়পি পৰে। খবৰ পোৱাৰ লগে লগে অগ্নিদমন বাহিনীৰ কমেও ছয়খন গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনিবলৈ তীব্ৰ অভিযান চলায়। দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত অগ্নিদমন বাহিনীৰ জোৱানসকলে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।
কিন্তু জুই নুমুৱাৰ অন্তিম পৰ্যায়ৰ কাম চলি থকাৰ সময়তে কাৰখানাটোৰ এটা কাষৰীয়া দেৱাল আৰু এটা বৃহৎ লোৰ বীম হঠাতে হঠাতে খহি পৰে। যাৰ ফলত তাত থকা পাঁচজন অগ্নিদমন কৰ্মী তাৰ মাজতে ফান্দত পৰি গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাটোৰ পিছতে আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মুখ্য কনিষ্টবল ড্ৰাইভাৰ তীৰ্থপাল সিং আৰু অগ্নিদমন কৰ্মী ৰোহিত যাদৱক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আনহাতে, আহত আন তিনিজন কৰ্মী ক্ৰমে ৰাজপাল সিং, মনীশ কুমাৰ আৰু অমিত কুমাৰ বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ অৱস্থা বিপদমুক্ত বুলি জানিব পৰা গৈছে।
ঘটনাৰ পিছতে জিলা প্ৰশাসন, জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীৰ (SDRF) দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰে। কাৰখানাটোত জুই লগাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে।