গুৰুগ্ৰাম: মাত্ৰ এজাক তীব্ৰ বৰষুণতেই পুনৰ উদঙাই দিলে গুৰুগ্ৰাম চহৰৰ শোচনীয় আন্তঃগাঁথনি। চহৰখনত মাত্ৰ এঘণ্টাৰ বাবে হোৱা বৰষুণৰ ফলতে জলমগ্ন হৈ পৰে একাধিক গুৰুত্বপূৰ্ণ পথ। ইয়াৰ ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰাৰ লগতে বিভিন্ন স্থানত বাহনসমূহ আৱদ্ধ হৈ পৰে বুলি বিষয়াসকলে প্ৰকাশ কৰিছে।

পটেলে নগৰত আঁঠুৱামূৰীয়া পানী:
বৰষুণৰ পিছতে গুৰুগ্ৰামৰ পেটেল নগৰৰ পৰিস্থিতি অতিশয় সংকটজনক হৈ পৰে। এই অঞ্চলটোৰ পথসমূহত আঁঠুৱামূৰীয়া পানী জমে। পথচাৰী আৰু বাহন চালকসকলে পানী ফালি যাতায়াত কৰিবলগীয়া হয়। পানী জমা হোৱাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও ভীষণ দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হয়। বহু দুচকীয়া বাহন পানীত মেৰামতি নোহোৱাকৈ বন্ধ হৈ পৰে আৰু চাৰচকীয়া বাহনসমূহ কেৱল শামুকীয়া গতিত আগবাঢ়িবলৈ বাধ্য হয়।

এক্সপ্ৰেছৱেত ৫ কিলোমিটাৰ দীঘল যান-জঁট:
বৰষুণৰ প্ৰভাৱ স্পষ্টভাৱে পৰিলক্ষিত হয় দিল্লী-জয়পুৰ এক্সপ্ৰেছৱেতো। চগনেচাৰ টাৱাৰ আৰু হিৰো হুণ্ডা চ’কৰ মাজত প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক দীঘল যান-জঁটৰ সৃষ্টি হয়। হাজাৰ হাজাৰ বাহন দীঘলীয়া সময়ৰ বাবে আৱদ্ধ হৈ পৰে। দিল্লীৰ পৰা জয়পুৰ অভিমুখী যাত্ৰীসকল সৰ্বাধিক সমস্যাৰ সন্মুখীন হয়। সাধাৰণতে ১৫ মিনিটমান সময় লাগা পথটো অতিক্ৰম কৰিবলৈ মানুহৰ ৪০ ৰ পৰা ৫০ মিনিট পর্যন্ত সময় লাগি যায়।

স্থানীয় লোকৰ ক্ষোভ আৰু প্ৰশাসনৰ পদক্ষেপ:
বাৰিষা আহিলেই গুৰুগ্ৰামে এই জলমগ্নতা আৰু যান-জঁটৰ সমস্যাৰ সন্মুখীন হোৱাৰ বাবে স্থানীয় ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। এই দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান কেতিয়া হ'ব বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য  গুৰুগ্ৰাম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কৰ্প’ৰেট অফিচসমূহৰ লগতে চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ বাবে ঘৰৰ পৰা কাম (Work from Home) কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে।