শিমলা (হিমাচল প্ৰদেশ): বাৰিষাৰ শুভাৰম্ভৰ লগে লগে হিমাচল প্ৰদেশত প্ৰকৃতিৰ ত্ৰাস বৃদ্ধি পাইছে। ৰাজ্যখনত ধাৰাসাৰ বৰষুণৰ লগতে ডাৱৰ বিস্ফোৰণ, কৃত্ৰিম বানপানী আৰু ভয়ংকৰ ভূমিস্খলনৰ ঘটনা অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি, ৰাজ্যখনত এতিয়ালৈকে ১৫ ৰ পৰা ১৬ গৰাকী লোকৰ প্ৰাণহানি হৈছে। এই ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰহি হিমাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ বাসিন্দা আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকসকলক অতি প্ৰয়োজনীয় নহ'লে যাত্ৰা বা ভ্ৰমণ নকৰিবলৈ বিশেষ অনুৰোধ জনাইছে।

দুগৰ্গ পাহাৰীয়া অঞ্চলসমূহত হোৱা এই প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে সদৰী কৰি দুৰ্যোগ প্ৰশমন বিভাগৰ বিশেষ সচিব পুশপেন্দ্ৰ ৰাণাই কয় যে ৰাজ্যখনত বৰ্তমানলৈকে ৯ টাকৈ ডাৱৰ বিস্ফোৰণ, প্ৰায় ১৯ টা স্থানত কৃত্ৰিম বান আৰু ৪ টা ডাঙৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ উপৰি প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত ১২০ টাতকৈও অধিক পথ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আৰু কেইবাখনো খোৱাপানী যোগান আঁচনিৰো বিস্তৰ ক্ষতিসাধন হৈছে।

চৰকাৰী প্ৰাৰম্ভিক হিচাপ অনুসৰি এই বৰষা ঋতুৰ আৰম্ভণিতেই সমগ্ৰ ৰাজ্যখনত প্ৰায় ৮০০ কোটিৰ পৰা ১০০০ কোটি টকাৰ সম্পত্তিৰ ক্ষতি হৈছে বুলি অনুমান কৰা হৈছে। এই দুৰ্যোগৰ ক্ষতিৰ সঠিক মূল্যায়ন বৰ্তোমানো অব্যাহত আছে।

ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰ (SEOC) আৰু সমগ্ৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ২৪ ঘণ্টাই কাৰ্যনিৰ্বাহ কৰি থকা বুলি প্ৰকাশ কৰি বিশেষ সচিবগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে সতৰ্ক কৰি কয়, "মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছো যে প্ৰতিকূল বতৰৰ সময়ত কোনো অপ্ৰয়োজনীয় ভ্ৰমণ নকৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD) আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা সকলো পৰামৰ্শ আৰু সতৰ্কবাণী মানি চলক। আপোনালোকৰ সজাগতাই জীৱন আৰু সম্পত্তি ৰক্ষা কৰাত সহায় কৰিব।"

সেয়েহে, যদি আপুনিও পৰিয়াল বা বন্ধু-বান্ধৱীৰ সৈতে হিমাচল প্ৰদেশলৈ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰি আছে, তেন্তে বতৰৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে সেই পৰিকল্পনা বাতিল কৰাই মংগলজনক হ'ব।