খালী ভৰিৰে দৌৰ আৰম্ভ কৰাৰ পৰা এছিয়ান অনূৰ্ধ্ব-২৩ৰ ব্ৰঞ্জৰ পদকলৈ: হুইদ্ৰম ভূমেশ্বৰী দেৱীৰ প্ৰেৰণাদায়ী সংগ্ৰাম

জীৱনৰ কাঁইটীয়া বাটত যদি দৃঢ়তাৰে খোজ পেলাই আগবাঢ়ি যোৱা যায়, তেন্তে তাৰ পৰিণাম সদায় সুন্দৰ হয়। সংগ্ৰাম, আৰ্থিক সংকট, অভাৱ-অনাটন আৰু আঘাত আদি সকলো প্ৰত্যাহ্বান নেওচি মণিপুৰৰ এগৰাকী উদীয়মান দৌৰবিদ হুইদ্ৰম ভূমেশ্বৰী দেৱীয়ে সমগ্ৰ দেশৰ বাবে এক অনন্য আৰ্হি দাঙি ধৰিছে।

এছিয়ান অনূৰ্ধ্ব-২৩ এথলেটিকছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভূমেশ্বৰীৰ বাবে এই সফলতা কেৱল ক্ৰীড়াৰ খেলপথাৰত লাভ কৰা পদক নহয়; ই আছিল দাৰিদ্ৰ্য আৰু দুৰ্যোগৰ বিৰুদ্ধে চলোৱা এক দীঘলীয়া সংগ্ৰামৰ বিজয়।

পৰিয়ালক চাবলৈ আৰম্ভ হৈছিল দৌৰ মণিপুৰৰ ইম্ফল পূব জিলাত জন্মগ্ৰহণ কৰা ভূমেশ্বৰীৰ জীৱনলৈ ২০১২ চনত এক ডাঙৰ বিপৰ্যয় আহি পৰে। চতুৰ্থ শ্ৰেণীত পঢ়ি থকা অৱস্থাতে তেওঁৰ পিতৃ হুইদ্ৰম বসন্ত সিং ইহ সংসাৰৰ পৰা মেল মেলে। পিতৃৰ মৃত্যুৰ পিছত গৃহিণী মাতৃ হুইদ্ৰম অংবি মংগী দেৱীয়ে পৰিয়ালটো চলোৱাৰ সকলো দায়িত্ব মূৰ পাতি ল’বলগীয়া হয়।

২০১৬ চনত নিজ বিদ্যালয়ৰ ২০ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতাত অংশ লৈ ৫,০০০ টকাৰ পুৰস্কাৰ লাভ কৰাৰ পিছতেই ভূমেশ্বৰীৰ জীৱনে নতুন মোৰ লয়। ভূমেশ্বৰীয়ে অনুভৱ কৰিলে যে নিজৰ দৌৰৰ জৰিয়তে পোৱা পুৰস্কাৰৰ ধনেৰে তেওঁ মাক আৰ্থিকভাৱে সহায় কৰিব পাৰিব।

খালী ভৰিৰে ২১ কিলোমিটাৰ মাৰাথন তাৰ পিছতে মণিপুৰত অনুষ্ঠিত ২১ কিলোমিটাৰৰ এক মাৰাথনত অংশ ল’বলৈ ইচ্ছা কৰে যদিও তেওঁৰ ওচৰত জোতা এযোৰো নাছিল। কিন্তু সংকল্পবদ্ধ ভূমেশ্বৰী পিছহঁকি নাহিল— তেওঁ সম্পূৰ্ণ ২১ কিলোমিটাৰ পথ খালী ভৰিৰেই দৌৰি দ্বাদশ স্থান অধিকাৰ কৰে। এই দৌৰৰ পৰা লাভ কৰা ২,০০০ টকা পুৰস্কাৰ আৰু এজন স্থানীয় বিধায়কে আগবঢ়োৱা ১,০০০ টকাৰ আৰ্থিক সাহায়ে তেওঁক এথলেটিকছক বৃত্তি হিচাপে লোৱাৰ চূড়ান্ত মনোবল যোগায়।

প্ৰশিক্ষণ আৰু সফলতাৰ দিশত গতি প্ৰথম অৱস্থাত কেৱল পথত দৌৰি থকা ভূমেশ্বৰীক তেওঁৰ মোমায়েক ফিজাম ইনাওচায়ে ষ্টেডিয়ামলৈ লৈ যায়। তাত তেওঁ প্ৰথম প্ৰশিক্ষক সমচন্দ্ৰ ছাৰ আৰু পিছলৈ কোন্থৌজাম কোছানা মেইতেইৰ ওচৰত অনুশীলন আৰম্ভ কৰে। ২০১৭ চনত তেওঁ স্প'ৰ্টছ অথৰিটি অৱ ইণ্ডিয়া (SAI-STC)ত যোগদান কৰে।

পিছলৈ 'National Centre of Excellence'ত মহাৰাষ্ট্ৰৰ প্ৰশিক্ষক কৈলাস কাসাৰৰ অধীনত বৈজ্ঞানিক কৌশল, জিম আৰু শক্তি বৃদ্ধিৰ বিশেষ প্ৰশিক্ষণ লাভ কৰাৰ পিছত তেওঁৰ প্ৰদৰ্শনত অভূতপূৰ্ব পৰিৱৰ্তন আহে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পদক জয় কৰিবলৈ সক্ষম হয়। বৰ্তমান তেওঁ ইটালীৰ বিখ্যাত প্ৰশিক্ষক ক্লাউডিঅ' পান্নোজ্জোৰ অধীনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰু অলিম্পিকৰ সপোন বুকুত বান্ধি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

ইটিভি ভাৰতক দিয়া সাক্ষাৎকাৰত ভূমেশ্বৰীয়ে ব্যক্ত কৰে যে এই ব্ৰঞ্জৰ পদকে তেওঁক ভৱিষ্যতে আৰু ডাঙৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত হ'বলৈ অদম্য সাহস আৰু অনুপ্ৰেৰণা যোগাইছে।