নতুন দিল্লী: ইৰাণ আৰু আমেৰিকা তথা পশ্চিম এছিয়াৰ বৰ্ধিত উত্তেজনাৰ মাজতে ভাৰতে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শুকুৰবাৰে ভাৰতে ইৰাণক কোনো কাৰণতে বাণিজ্যিক জাহাজ অথবা নাৱিকৰ ওপৰত আক্ৰমণ নকৰিবলৈ গম্ভীৰ অনুৰোধ আৰু স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচীক স্পষ্ট কৰি দিয়ে যে নতুন দিল্লীয়ে যিকোনো পক্ষৰ দ্বাৰা সংঘটিত এনেধৰণৰ আক্ৰমণক তীব্ৰভাৱে গৰিহণা দিয়ে।

ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত বৈদেশিক মন্ত্ৰী জয়শংকৰে এই গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰে। সামাজিক মাধ্যমত বাৰ্তালাপৰ কথা প্ৰকাশ কৰি তেওঁ কয়, "আমি অঞ্চলটোত চলি থকা সংঘাতৰ বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। কোনো কাৰণতে যাতে বাণিজ্যিক জাহাজ আৰু সামুদ্ৰিক কৰ্মীসকলৰ ওপৰত আক্ৰমণ নকৰে, সেই কথাত আমি জোৰ দিছো। যিকোনো পক্ষৰ এনে আক্ৰমণ ভাৰতে গৰিহণা দিয়ে।"

মন্ত্ৰী জয়শংকৰে লগতে অৱগত কৰে যে সাম্প্ৰতিক পৰিস্থিতি আৰু চলি থকা আলোচনাৰ প্ৰতি ইৰাণৰ দৃষ্টিভংগীৰ বিষয়ে তেওঁক অৱগত কৰা হৈছে। ভাৰতে সদায় যুদ্ধ বা সংঘঘাতৰ সলনি আলোচনা আৰু কূটনীতিৰ পথটোকহে সমৰ্থন কৰি আহিছে বুলি তেওঁ পুনৰ দোহাৰে। উল্লেখ্য যে, হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণক লৈ ভাৰতে পূৰ্বৰে পৰা তীব্ৰ উদ্বেগ প্ৰকাশ কৰি আহিছে।

ইফালে, বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে বৃহস্পতিবাৰে ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত সদৰি কৰে যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা পশ্চিম এছিয়াত চলি থকা সংঘাতৰ ফলত ১০ গৰাকী নাৱিককে ধৰি মুঠ ১৬ জন ভাৰতীয় নাগিৰকে প্ৰাণ হেৰুৱাইছে। ইয়াৰোপৰি এই সংঘাতৰ পৰিণতিত অঞ্চলটোত প্রায় ৭৫ গৰাকী ভাৰতীয় নাগৰিক আহত হৈছে। ইৰাণ-আমেৰিকা সংঘাতৰ প্ৰভাৱে ভাৰতীয় সামুদ্ৰিক সুৰক্ষা আৰু নাগৰিকসকলৰ ওপৰত পেলোৱা প্ৰভাৱলৈ লক্ষ্য ৰাখি ভাৰত চৰকাৰে এই বাৰ্তালাপক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰিছে।