নতুন দিল্লী: দেশৰ বতৰ খাণ্ডে আকৌ এক নতুন মোৰ লৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) দেশৰ উত্তৰৰ পৰা দক্ষিণে অৰ্থাৎ দিল্লীৰ পৰা কেৰলালৈ বিভিন্ন ৰাজ্যত প্ৰবল বৰষুণ, বজ্ৰপাত আৰু তীব্ৰ বেগী বতাহ ব’ব পাৰে বুলি সতৰ্কবাণী জাৰি কৰিছে। বতৰ বিভাগৰ তথ্য অনুসৰি, দেশৰ পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ প্ৰতিখন কোণতেই বতৰৰ গতি-প্ৰকৃতি সলনি হৈছে।  

দিল্লী আৰু উত্তৰ ভাৰতত বতৰৰ গতিবিধি

ৰাজধানী দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহতো ডাৱৰীয়া বতৰৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইফালে উত্তৰ ভাৰতৰ জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত পাহাৰীয়া অঞ্চলসমূহত ভূমিস্কলন আৰু প্ৰৱল বৰষুণৰ আশংকা প্ৰকাশ কৰি প্ৰশাসনে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে।  

কেৰালা আৰু দক্ষিণ ভাৰতত বৰষুণৰ তাণ্ডৱ

দক্ষিণৰ ৰাজ্য কেৰালাত বতৰ বিভাগে প্ৰবল বৰষুণৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। ৰাজ্যখনৰ একাধিক জিলাত অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ প্ৰতি লক্ষ্য ৰহি অৰেঞ্জ আৰু ইয়েলু সতৰ্কবাণী জাৰি কৰা হৈছে। উপকূলীয় অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকত ঘন্টাত ৪০ৰ পৰা ৬০ কিলোমিটাৰ বেগেৰে ধুমুহা বতাহ ব’ব পাৰে বুলি কোৱা হৈছে। 

 পূব আৰু উত্তৰ-পূব ভাৰতত সক্ৰিয় মৌচুমী

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মৌচুমী বায়ু এতিয়াও অতিশয় সক্ৰিয় হৈ আছে। অসম, মেঘালয়, অৰুণাচল প্ৰদেশকে ধৰি বিভিন্ন উত্তৰ-পূৰ্বাঞ্চলৰ জিলাসমূহত অবিৰত বৰষুণৰ ফলত বানপানী আৰু জলমগ্নতাৰ সৃষ্টি হ’ব পাৰে বুলি সতৰ্ক কৰা হৈছে।  

বতৰ বিভাগে জনসাধাৰণক প্ৰয়োজন অবিহনে যাত্ৰা নকৰিবলৈ আৰু প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে।