নতুন দিল্লী: ৰাছিয়াৰ জলসীমাত কৃষ্ণ সাগৰত সংঘটিত এক ভয়ংকৰ আক্ৰমণত এগৰাকী ভাৰতীয় নাবিকে প্ৰাণ হেৰুৱাইছে। ১৮ জুলাইত সংঘটিত এই ঘটনা সন্দৰ্ভত শুকুৰবাৰে আনুষ্ঠানিকভাৱে সদৰী কৰে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে (MEA)।

প্ৰাপ্ত তথ্য অনুসৰি, ১৮ জুলাইত কৃষ্ণ সাগৰৰ মাজেৰে ৰাছিয়াৰ জলসীমা অতিক্ৰম কৰি থকা অৱস্থাত 'এমভি ওমৰফি' (MV OMORFI) নামৰ বাণিজ্যিক জাহাজখন আক্ৰমণৰ লক্ষ্য হৈ পৰে। ঘটনাৰ সময়ত জাহাজখনত তিনিগৰাকী ভাৰতীয় নাগৰিকসহ মুঠ ১০ গৰাকী নাবিক উপস্থিত আছিল। 


এই আক্ৰমণৰ ফলত দুর্ভাগ্যজনকভাৱে এগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যু হয়। বৈদেশিক মন্ত্ৰালয়ে মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে জাহাজখনত থকা আন দুজন ভাৰতীয় নাগৰিক সুৰক্ষিত আৰু নিৰাপদ আছে বুলি নিশ্চিত কৰিছে।  

বৈদেশিক মন্ত্ৰালয়ৰ তীব্ৰ গৰিহণা:

বাণিজ্যিক জাহাজ আৰু নিৰ্দোষ সামুদ্ৰিক কৰ্মীসকলক লক্ষ্য কৰি চলোৱা এই আক্ৰমণক ভাৰতে তীব্ৰ ভাষাৰে গৰিহণা দিছে। মন্ত্ৰালয়ে এক বিবৃতিত কয় যে সামুদ্ৰিক নৌ-পৰিবহণৰ স্বাধীনতা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বৰ্তমান ক্ৰমাৎ ডাঙৰ বিপদৰ সন্মুখীন হৈছে, যিটো অতিশয় চিন্তনীয় বিষয়। ভাৰতে সকলো সংশ্লিষ্ট পক্ষকে সামুদ্ৰিক পৰিবহণৰ সুৰক্ষা আৰু বৈশ্বিক বাণিজ্যৰ নিৰৱচ্ছিন্ন প্ৰবাহ বজাই ৰাখিবলৈ আন্তঃৰাষ্ট্ৰীয় দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে। লগতে, মৃত নাবিকজনৰ পৰিয়ালক সকলো প্ৰকাৰৰ সহায় আগবঢ়াবলৈ ৰাছিয়াত থকা ভাৰতীয় দূতাবাসৰ কৰ্তৃপক্ষই তৎপৰতা অব্যাহত ৰাখিছে। 

 উল্লেখ্য যে, ইয়াৰ পূর্বে ১৯ জুলাইত ইউক্ৰেইনৰ অডেছা বন্দৰৰ সমীপত 'এমভি গ’ল্ডেন লিঅ' (MV Golden Leo) নামৰ আন এখন কাৰ্গো জাহাজত হোৱা আক্ৰমণত চাৰিগৰাকী ভাৰতীয়সহ মুঠ ১০ গৰাকী নাবিকৰ মৃত্যু হৈছিল। একেৰাহে ঘটি থকা এই সামুদ্ৰিক আক্ৰমণসমূহে আন্তঃৰাষ্ট্ৰীয় মহলত উদ্বেগৰ সৃষ্টি কৰিছে