দেশৰ পৰীক্ষা ব্যৱস্থা সংস্কাৰ তথা স্বচ্ছতা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া বিশেষ টাস্ক ফ'ৰ্চত এগৰাকী গুৰুত্বপূৰ্ণ সদস্যৰূপে নিযুক্তি দিয়া হৈছে অসমৰ সুযোগ্য সন্তান তথা আই বিৰ প্ৰাক্তন মুৰব্বী তপন ডেকাক।

প্ৰচাৰবিমুখ হৈ অত্যন্ত নীৰৱে দেশৰ সুৰক্ষা আৰু সেৱাত ব্রতী হৈ থকা ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) এইগৰাকী জ্যেষ্ঠ বিষয়াৰ দক্ষতা আৰু নিষ্ঠাৰ প্ৰতি আস্থা ৰাখি কেন্দ্ৰীয় চৰকাৰে এই গুৰু দায়িত্ব অৰ্পণ কৰিছে। ইনফ'ছিছৰ সহ-প্ৰতিষ্ঠাপক তথা প্ৰযুক্তি বিশেষজ্ঞ নন্দন নিলেকানীৰ অধ্যক্ষতাত গঠন কৰা এই উচ্চ পৰ্যায়ৰ টাস্ক ফ'ৰ্চখনত দেশৰ কেইগৰাকীমান প্ৰসিদ্ধ বিশেষ ব্যক্তিক অন্তৰ্ভুক্ত কৰা হৈছে।

উক্ত টাস্ক ফ'ৰ্চখনৰ আন সদস্যসকলৰ ভিতৰত আছে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, আই আই টি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, প্ৰাক্তন শিক্ষা সচিব অনিতা কাৰৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃতলাল মীনা

উল্লেখ্য যে, ১৯৮৮ বেট্চৰ আই পি এছ বিষয়া তপন ডেকাই শেহতীয়াকৈ প্ৰায় চাৰি বছৰ ধৰি দেশৰ চোৰাংচোৱা শাখা (ইণ্টেলিজেঞ্চ ব্যুৰ')ৰ সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰি যোৱা মাহত অৱসৰ গ্ৰহণ কৰিছিল। সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ডেকাক প্ৰশাসনিক মহলত 'ক্ৰাইছিছ মেন' হিচাপেও জনা যায়। পৰীক্ষা প্ৰক্ৰিয়াত প্ৰশ্নকাকত লিক ৰোধ কৰাৰ লগতে ডিজিটেল সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা বঢ়োৱাৰ ক্ষেত্ৰত এই টাস্ক ফ'ৰ্চে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াব।