গুৱাহাটী: হঠাৎ অহা ভয়াৱহ বানে তচনচ কৰি পেলাইছে উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটকে ধৰি ৰাজ্যৰ প্ৰায় ২৫ খন জিলা। বানে ধোৱা এই অঞ্চলসমূহত এতিয়া বোকা আৰু পলসৰ মাজতে নিজৰ আপোন ঘৰখন তথা হাৰাশাস্তি হোৱা পৰিয়ালটোক বিচাৰি হাহাকাৰ কৰিছে বন্যাৰ্তই। খেতিপথাৰ, পশুধন সকলো হেৰুৱাই জুৰুলা হৈ পৰা লোকসকলৰ দুখ-দুর্দশাই এতিয়া সকলোকে মৰ্মাহত কৰি তুলিছে।

ৰাজ্যৰ এই দিশহাৰা তথা সংকটজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমবেদনা আৰু সহমৰ্মিতা প্ৰকাশ কৰিছে নতুন দিল্লীস্থিত ইজৰাইলৰ দূতাবাসে। এই দুখৰ সময়ছোৱাত ইজৰাইল ভাৰত তথা অসমৰ জনসাধাৰণৰ কাষত থিয় দিছে বুলি দূতাবাসে স্পষ্ট কৰিছে।

ইজৰাইলৰ দূতাবাসে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বাৰ্তাত কয়, "অসমৰ ভয়াৱহ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলো পৰিয়াল আৰু জনগোষ্ঠীৰ প্ৰতি আমাৰ গভীৰ সমবেদনা। এই জটিল সময়ত ইজৰাইলে অসম আৰু ভাৰতৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় দিছে, আৰু প্ৰভাৱিত সকলোৰে নিৰাপত্তাৰ কামনা কৰিছে।"

ইজৰাইলী দূতাবাসৰ এই মানৱীয় পদক্ষেপৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে ইজৰাইললৈ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত উল্লেখ কৰে যে এই প্ৰত্যাহ্বানমূলক সময়ছোৱাত ইজৰাইলৰ সমৰ্থন আৰু সংহতিৰ বাবে অসম চৰকাৰ আৰু জনসাধাৰণে গভীৰ শলাগ লৈছে। বানপীড়িত অঞ্চলসমূহত বৰ্তমান ২৪ ঘণ্টাই সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।

উল্লেখ্য যে, বানাক্ৰান্ত লোকসকলক সকাহ দিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাত যাতে কোনো ব্যাঘাত নঘটে, তাৰ প্ৰতি লক্ষ্য ৰاقی অসম চৰকাৰে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া নিৰ্দেশমৰ্মে অন্যান্য জিলাসমূহৰ পৰাও বানাক্ৰান্ত জিলালৈ সাহায্য সামগ্ৰী আৰু জনশক্তি প্ৰেৰণ কৰা হৈছে। লগতে, স্বাস্থ্য শিবিৰ আৰু পশু চিকিৎসাৰ দলসমূহেও বানপ্ৰভাৱিত অঞ্চলসমূহত অহৰহ সেৱা আগবঢ়াই আছে।