ক’ডাৰমা: ঝাৰখণ্ডৰ ক’ডাৰমা জিলাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটপত ৩ জন নেপালী কাৱড়ীয়াৰ কৰুণ মৃত্যু ঘটে। এই দুৰ্ঘটনাটোত আন ১০ গৰাকী তীৰ্থযাত্ৰী গুৰুতৰভাৱে আহত হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। শুক্ৰবাৰে পুৱতি নিশিস্কা প্ৰায় ৪ বজাত এই দুৰ্ঘটনা সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, সতগৱান আৰক্ষী থানা অন্তৰ্গত প’খ্ৰাদিহ নামৰ স্থানত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া দ্ৰুতগতিত থকা বাছখনে পথৰ কাষত থিয় হৈ থকা এখন বাহনক পিছফালৰ পৰা তীব্ৰবেগে খুন্দা মাৰে। ইয়াৰ ফলতেই বাছখনৰ যাত্ৰীসকলৰ মাজত ব্যাপক হতাহতিৰ সৃষ্টি হয়।

আৰক্ষী সূত্ৰে প্ৰকাশ পাইছে যে বাছখনত মুঠ ৪৫ গৰাকী তীৰ্থযাত্ৰী আছিল। তেওঁলোক সকলোৱে নেপালৰ পৰা আহি ঝাৰখণ্ডৰ দেওঘৰ জিলাস্থিত বিখ্যাত বাবা বৈদ্যনাথ ধামত পৱিত্ৰ জল ঢালি পূজা-অৰ্চনা কৰাৰ লগতে দুমকাৰ বাসুকীনাথ ধামতো দৰ্শন কৰি নিজ ৰাষ্ট্ৰলৈ উভতি গৈ আছিল। তেনে সময়তে পথৰ বিপৰ্যয়ে তেওঁলোকৰ আনন্দৰ যাত্ৰাটো মৰ্মান্তিক শোকত পৰিণত কৰে।

ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে স্থানীয় সতগৱান থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। আৰক্ষী বিষয়া ববলু কুমাৰে সংবাদ মাধ্যমক দিয়া বিবৃতিত কয় যে দুৰ্ঘটনাটোত ঘটনাস্থলেই তিনিজন কাৱড়ীয়াই প্ৰাণ হেৰুৱায়। ইফালে, গুৰুতৰভাৱে আহত দহজন লোকক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁলোকৰ চিকিৎসা অব্যাহত আছে।

এই আকস্মিক দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। স্থানীয় প্ৰশাসনে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।