ৰাঁচী: ঝাৰখণ্ডত প্ৰতিযোগিতামূলক পৰীক্ষাত হোৱা অনিয়ম আৰু কেলেংকাৰীৰ বিৰুদ্ধে ছাত্ৰসমাজৰ ক্ষোভ কমাৰ নাম লোৱা নাই। ১৪ সংখ্যক ঝাৰখণ্ড লোকসেৱা আয়োগ (JPSC) প্ৰতিৰূপ পৰীক্ষাৰ বিসংগতিৰ প্ৰতিবাদত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ছাত্ৰ আৰু চাকৰি প্ৰাৰ্থীয়ে ৰাঁচীত তীব্ৰ আন্দোলন গঢ়ি তুলিছে। ইয়াৰ অংশ হিসেবে আজি ছাত্ৰসকলে ঝাৰখণ্ড বিধানসভা ঘেৰাও কৰাৰ বাবে এক বিশাল সমদল লৈ আগবাঢ়িছে।


জেপিএছচি-জেএছএছচি সংস্কাৰ মঞ্চৰ (JPSC-JSSC Reform Manch) বেনাৰত বিগত কেইবাদিন ধৰি ৰাঁচীৰ জয়পাল সিং মুণ্ডা ষ্টেডিয়ামত ছাত্ৰ-ছাত্ৰীসকলে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে। প্ৰতিবাদকাৰী ছাত্ৰসকলৰ মূল দাবী হৈছে ত্ৰুটিপূৰ্ণ ১৪ সংখ্যক JPSC পৰীক্ষা সম্পূৰ্ণৰূপে বাতিল কৰা, নিকা তদন্ত চলোৱা আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা।

প্ৰশাসনৰ তৰফৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ স্বত্বেও ছাত্ৰসকলৰ জোৰদাৰ সমদল বিধানসভাৰ দিশে অগ্ৰসৰ হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু আইন-শৃংখলা বৰ্তাই ৰখিবলৈ ৰাজধানীৰ বিভিন্ন গুত্বপূৰ্ণ স্থানত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। ছাত্ৰ আন্দোলনৰ এই উত্তাল পৰিস্থিতিয়ে বৰ্তমান ৰাজ্যখনৰ ৰাজনীতি বেছ গৰম কৰি তুলিছে।