শ্ৰীনগৰ: কাশ্মীৰ উপত্যকাত প্ৰকৃতিৰ তাণ্ডৱ অব্যাহত আছে। সোমবাৰে কাশ্মীৰৰ কেইবাটাও অঞ্চলত একেলগে কেইবাটাও ডাৰ্ষ্ট বাৰ্ষ্ট (Cloudburst) সংঘটিত হোৱাৰ ফলত হঠাতে বানপ্ৰৱণ পৰিস্থিতিৰ সৃষ্টি হয়। এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলিত পৰি কুঁপৱাৰা জিলাত এগৰাকী মহিলাৰ প্ৰাণহানি হোৱাৰ লগতে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হয়। ইফালে, প্ৰশাসনে তাৎক্ষণিকভাৱে তৎপৰতা প্ৰদৰ্শন কৰি শ শ বাসিন্দা আৰু পৰ্যটকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ কাম আৰম্ভ কৰিছে।

কুঁপৱাৰাত মহিলাৰ মৃত্যু:

মৃত মহিলাগৰাকী কুঁপৱাৰা জিলাৰ লোলৱ (Lolab) অঞ্চলৰ বৰ্ণৱ নিবাসী ৫২ বৰ্ষীয় ছীমা বেগম (নছিমা বেগম) বুলি চিনাক্ত কৰা হৈছে। বিষয়া সকলে সদৰী কৰা মতে, অঞ্চলটোত হোৱা ডাৰ্ষ্ট বাৰ্ষ্টৰ ফলত ওফপি পৰা এটা জানৰ ওপৰত থকা কালভাৰ্ট পাৰ হবলৈ চেষ্টা কৰাৰ সময়তে তেওঁ হঠাতে অহা দ্ৰুত বানে উটুৱাই লৈ যায়। পিছত তলমুৱাকৈ শ্বাহাবাদৰ সমীপৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। কুঁপৱাৰাৰ বিমলা ৱালী ম’ৰী অঞ্চলত এই আকস্মিক বানে এটা মছজিদ আৰু এটা পদপথৰ দলং ক্ষতিগ্ৰস্ত কৰি স্থানীয় যোগাযোগ ব্যৱস্থা ব্যাহত কৰি তুলিছে।

বিভিন্ন জিলাত ব্যাপক ক্ষতি:

কেৱল কুঁপৱাৰাই নহয়, অনন্তনাগ জিলাৰ জনপ্ৰিয় পৰ্যটনস্থলী পাহলগাম, শ্বোপিয়ানৰ হেৰপোৰা আৰু বান্দিপোৰাৰ দৰ্দপোৰা অঞ্চলতো ডাৰ্ষ্ট বাৰ্ষ্টৰ খবৰ পোৱ গৈছে। বৰ্ধিত জলপ্ৰৱাহৰ ফলত নামনি অঞ্চলসমূহ জলমগ্ন হৈ পৰাৰ লগতে বহুতো পথ আৰু দলং ক্ষতিগ্ৰস্ত হৈছে।

উদ্ধাৰ আৰু সাহায্য অভিযান: পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটাত প্ৰশাসনে ততাতৈয়াকৈ সংকটজনক অঞ্চলসমূহত উদ্ধাৰ অভিযান আৰম্ভ কৰে।

পাহলগামৰ পৰ্যটকসহ প্ৰায় ২০০ লোকক সুৰক্ষিত আশ্ৰয়স্থললৈ স্থানান্তৰ কৰা হয়।  

ইফালে, শ্বোপিয়ান জিলাত সতৰ্কতামূলক ব্যৱস্থা হিচাপে প্ৰায় ৮০ গৰাকী স্থানীয় লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হয়। 

 পাহলগামৰ নুৱান বেচ কেম্পৰ পিছফালৰ কনক্ৰীটৰ বেৰ ভাগি যোৱাৰ বাবে শিবিৰত পানী সোমাই তাবু আদি ক্ষতিগ্ৰস্ত কৰিছে যদিও কোনো হতাহতিৰ খবৰ নাই।

বৰ্তমান ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে আৰু ফালৰ পৰা অহৰহে বৰষুণ অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সতৰ্ক থাকিবলৈ আৰু প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।