প্ৰকাশিত এক প্ৰেছ বিবৃতিত KZCয়ে স্পষ্টভাৱে কয় যে শেহতীয়া কেইবাটাও ঘটনাই মণিপুৰৰ প্ৰশাসনীয় ব্যৱস্থা আৰু নিৰাপত্তাৰ এক উদ্বেগজনক ছবি উন্মোচিত কৰিছে। সংগঠনটোৰ তথ্য অনুসৰি, লেইলন ভাইফেই অঞ্চলৰ ২১ গৰাকী নিৰীহ গাঁওবাসীক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই লেইমাখং সেনা শিবিৰত হাজিৰ হ'বলৈ চমন জাৰি কৰিছে, যিটো অত্যন্ত দুৰ্ভাগ্যজনক।
আনহাতে, সোমবাৰে কাংপকপি জিলাৰ কাইলেনজাং গাঁৱত এক ভয়াবহ আক্ৰমণ সংঘটিত হয়। সন্দেহযুক্ত NSCN-IM কেডাৰে এই আক্ৰমণ চলাই কেইবাটাও বাসগৃহ ভস্মীভূত কৰাৰ অভিযোগ উত্থাপন কৰিছে কুকি-জো কাউন্সিলে। ইয়াৰোপৰি, লেইমাখং এৰিয়া প্ৰটেকচন কমিটীৰ এগৰাকী নাগৰিক সমাজৰ নেতাক কোনো অপৰাধৰ সৈতে জড়িত নোহোৱাকৈ গ্ৰেপ্তাৰ কৰি বৰ্তমান চুৰাচান্দপুৰ কাৰাগাৰত বন্দী কৰি ৰখা সন্দৰ্ভতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে।
ইউ এন চি (UNC) ৰ দ্বাৰা ৰাজ্যখনত অব্যাহত থকা অৱৰোধৰ প্ৰসংগ উত্থাপন কৰি KZCয়ে কয় যে ইয়াৰ ফলত সাধাৰণ জনজীৱন ব্যাহত হৈ পৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ আৰু শান্তিপূৰ্ণ সহাৱস্থান ঘূৰাই আনিবলৈ চৰকাৰে সকলো সম্প্ৰদায়ৰ বাবে সম সুৰক্ষা নিশ্চিত কৰিব লাগিব আৰু শীঘ্ৰে এই অৱৰোধৰ অন্ত পেলাব লাগিব বুলি দাবী জনাইছে। লগতে, বিগত সময়ছোৱাত সংঘটিত ১৫ গৰাকী কুকি-জো লোকৰ হত্যাকাণ্ডৰ এক উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্তৰ দাবীও পুনৰবাৰ উত্থাপন কৰিছে কাউন্সিলৰ নেতৃবৰ্গই।