গুৱাহাটী: স্কটলেণ্ডৰ গ্লাছগ’ত আৰম্ভ হোৱা কমনৱেল্থ গেমছ ২০২৬ত ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে আহিছে এক ভাল খবৰ। প্ৰতিযোগিতাখনত ভাৰতৰ হৈ প্ৰথমটো পদক নিশ্চিত কৰিছে অসমৰ সুযোগ্য কন্যা তথা অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইয়ে। মহিলাৰ ৭৫ কেজি ওজনৰ শাখাত ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে লাভলীনাৰ ব্ৰঞ্জৰ পদক লাভটো নিশ্চিত হৈ পৰে।
বাই লাভ কৰি ছেমি ফাইনেলত লাভলীনা
২৩ জুলাইৰ পৰা ২ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া এই মেগা ক্ৰীড়া মহোৎসৱত বিশ্বৰ ৭৪ খন দেশৰ ৩,০০০ ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে, য’ত ভাৰতৰ ১২৫ জনীয়া এথলিটৰ দলে ভাগ লৈছে।
মহিলাৰ ৭৫ কেজি শাখাৰ বক্সিঙত মাত্ৰ ৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। কোৱাৰ্টাৰ ফাইনেল মেচত বাই (Bye) লাভ কৰাৰ বাবে লাভলীনাই পোনে পোনে ছেমি ফাইনেলত স্থান দখল কৰে। যিহেতু বক্সিঙৰ নিয়ম অনুসৰি ছেমি ফাইনেলত উপনীত হোৱা প্ৰত্যেকজন প্ৰতিযোগীৰে অন্ততঃ ব্ৰঞ্জৰ পদক নিশ্চিত হয়, সেয়েহে লাভলীনাই পদক তালিকাত ভাৰতৰ নাম অন্তৰ্ভুক্ত কৰালে।
অহা ৩১ জুলাইত অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলত লাভলীনাৰ মুখামুখি হ’ব টুভালুৰ প্ৰতিদ্বন্দ্বী টাৰোনা খানম বাডি পাছোনি টাফাকি। এই মেচখনত জয়ী হ’লে লাভলীনাই স্বৰ্ণ বা ৰূপৰ পদকৰ বাবে যুঁজ দিয়াৰ সুযোগ পাব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বাৰ্মিংহাম কমনৱেল্থ গেমছত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ লাভলীনাই নিৰাশ হ’বলগীয়া হৈছিল।
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ শুভেচ্ছা
লাভলীনাৰ এই সাফল্যৰ পিছতে ৰাজ্যৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যম X (পূৰ্বৰ Twitter)-ৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰে। তেওঁ লিখিছে, "কমনৱেল্থ গেমছৰ ৭৫ কেজি শাখাত ব্ৰঞ্জৰ পদক নিশ্চিত কৰাৰ বাবে লাভলীনা বৰগোঁহাইলৈ আন্তৰিক অভিনন্দন। এইটো ভাৰতৰ বাবেও প্ৰথম পদক। ৩১ জুলাইৰ মেচখনত জয়ী হ’লে তেওঁ স্বৰ্ণ পদকৰ বাবে যুঁজিব।"
প্ৰাক্তন প্ৰশিক্ষক মহম্মদ আলী কামাৰৰ আশা
ইফালে, কমনৱেল্থ গেমছৰ স্বৰ্ণ পদক বিজয়ী তথা ভাৰতীয় মহিলা বক্সিং দলৰ প্ৰাক্তন প্ৰশিক্ষক মহম্মদ আলী কামাৰে লাভলীনাৰ অভিজ্ঞতাক প্ৰশংসা কৰি কয় যে, "লাভলীনাই বহু বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলি আহিছে আৰু তেওঁৰ হাতত অলিম্পিক পদকৰ অভিজ্ঞতা আছে। ইংলেণ্ড, স্কটলেণ্ড, কানাডা আৰু অষ্ট্ৰেলিয়াৰ শক্তিশালী প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে তেওঁৰ যুঁজখন সহজ নহ’ব যদিও সঠিক অনুশীলনেৰে তেওঁ নিশ্চিতভাৱে শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব।"