বিষয়াৰ তথ্য অনুসৰি, সোমবাৰে পুৱতি নিশা প্ৰায় ৩:৩০ বজাত এই জুই লাগিছিল। সেই সময়ত NICU ৱাৰ্ডত কেইবাগৰাকীও নৱজাত শিশু চিকিৎসাধীন হৈ আছিল।
কেনেদৰে সংঘটিত হ'ল ঘটনা?
নিশা ৱাৰ্ডটোত হঠাতে জুই বিয়পি পৰাত কৰ্তব্যৰত মহিলা কৰ্মচাৰী আৰু নাৰ্চসকলে নিজৰ প্ৰাণক বাজি ৰাখি জুই নিয়न्त्रণৰ প্ৰয়াস কৰে। কিন্তু নিমিষতে জুইয়ে ভয়ংকৰ ৰূপ লয়। খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল আৰু অগ্নিবৰ্ষক বাহিনীৰ দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়।
হাস্পতালৰ কৰ্মচাৰী আৰু উদ্ধাৰকাৰী দলৰ তৎপৰতাত কেইবাটাও শিশুক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়। তাৰ ভিতৰত ৬টা শিশুক উন্নত চিকিৎসাৰ বাবে অন্য এটা ছুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ স্থানান্তৰ কৰা হয়। কিন্তু দুর্ভাগ্যবশতঃ, ৩টা নৱজাত শিশুৱে গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ আৰু শ্বাসৰুদ্ধ হৈ ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়।
উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ
এই ভয়ংকৰ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। প্ৰাথমিকভাৱে শ্বৰ্ট চাৰ্কিট বা ভেণ্টিলেটৰত বিস্ফোৰণৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। এই শোকাৱহ ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হাস্পতালৰ সুৰক্ষাক লৈও প্ৰশ্ন উত্থাপন হৈছে। প্ৰশাসনে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নির্দেশ দিছে।