ইম্ফল: মণিৰুপত পুনৰ তেজৰ হোলী! ৰাজ্যখনৰ তামেংলং আৰু ননি জিলাত সংঘটিত হোৱা পৃথক পৃথক হিংসাত্মক আক্ৰমণত দুগৰাকী মহিলাসহ অন্তত চাৰিজন নিৰীহ লোক নিহত হৈছে। দেওবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, সন্দেহযুক্ত উগ্ৰপন্থীয়ে চলোৱা এই বৰ্বোচিত আক্ৰমণৰ ফলত সমগ্ৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি হৈছে।

আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা মতে, প্ৰথমটো আক্ৰমণ সংঘটিত হয় পুৱা প্ৰায় ৪ বজাত তামেংলং জিলাৰ টলেন কুকি গাঁৱত। উগ্ৰপন্থীৰ আক্ৰমণত লিংগাই ছিংচিট নামৰ এগৰাকী মহিলা থিতাতে নিহত হয় আৰু তেওঁৰ স্বামী ছেইনেইহ ছিংচিট তথা তেওঁলোকৰ এটি শিশু সন্তান গুৰুতৰভাৱে আহত হয়। পিছত গুৰুতৰভাৱে আহত স্বামী ছেইনেইহক চুবুৰীয়া ৰাজ্য অসমৰ শিলচৰলৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰো মৃত্যু ঘটে।

ইয়াৰ প্ৰায় ১২ ঘণ্টাৰ মূৰত, অৰ্থাৎ আবেলি প্ৰায় ৩:৩০ বজাত ননি জিলাৰ নুংবা আৰক্ষী থানাৰ অন্তৰ্গত লংপি গাঁৱত দ্বিতীয়টো আক্ৰমণ সংঘটিত হয়। সশস্ত্ৰ উগ্ৰপন্থীৰ গুলীত জুলী গংটে আৰু আৰ গংটে নামৰ এগৰাকী মহিলা আৰু এজন পুৰুষ নিহত হয়। এই আটাইকেইজন নিহত লোক কুকি জনজাতি সম্প্ৰদায়ৰ বুলি প্ৰশাসনে নিশ্চিত কৰিছে। উল্লেখ্য যে, এই আক্ৰমণৰ দিনটোতেই কুকি সম্প্ৰদায়ৰ লোকসকলে ১৯৯০ৰ দশকৰ কুকি-নাগা সংঘাতৰ শ্বহীদসকলক সোঁৱৰি “শহীদ দিৱস” (Black Day) পালন কৰি আছিল।

নিৰীহ নাগৰিকৰ ওপৰত চলা এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰ্হণা কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমবাম খেমেচন্দ সিঙে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত তেওঁ গভীৰ শোক প্ৰকাশ কৰি কয় যে, “নিৰীহ নাগৰিকৰ বিৰুদ্ধে চলোৱা এনে ভয়ত কাপুৰুষীহঁতে কৰা হিংসাত্মক কাৰ্য কোনোবাদেই গ্ৰহণযোগ্য নহয় আৰু আমাৰ সমাজত ইয়াৰ কোনো ঠাই নাই।” লগতে শোকসন্তপ্ত পরিবারবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ পাশাপাশি আক্ৰমণত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

আনহাতে, এই আক্ৰমণক লৈ বিভিন্ন দল-সংগঠন আৰু নেতাসকলেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই ঘটনাক অতিশয় মৰ্মান্তিক বুলি অভিহিত কৰি কয় যে সাধাৰণ নাগৰিকৰ নিৰাপত্তাটোৱে আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ’ব লাগে। নাগা পিপলছ ফ্ৰণ্টৰ বিধায়ক আৱাংবাউ নিউমাইয়েও অস্ত্ৰহীন পুৰুষ, মহিলা আৰু শিশুসকলক লক্ষ্য কৰি চলোৱা আক্ৰমণক অসামাজিক আৰু কাপুৰুষী কাম বুলি অভিহিত কৰিছে।

উল্লেখ্য যে, ২০২৩ চনৰ মে' মাহৰ পৰা মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত চলি অহা জাতিগত সংঘৰ্ষত এতিয়ালৈকে তিনিশৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ লোক গৃহহাৰা হৈ পৰিছে। বৰ্তমান সুৰক্ষাবাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰু অঞ্চলটোত শান্তি বৰ্তাই ৰাখিবলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।